ফিটা পেলুৰ পৰা কিদৰে দূৰত থাকিব?

ফিটাপেলু এবিধ ভয়ানক বস্তু। ই অত্যধিক পৰিমাণে দেহত থিতাপি ল’লে অনায়সে সোমাব পাৰে মূৰত! গতিকে আপোনাৰ পছন্দৰ যিকোনো খাদ্য খাওতে সাৱধান হওক, অন্যথা থাকিব পাৰে প্ৰাণনাশৰ শংকা!
শীতকালত ধনিয়া পাত মাছৰ তৰকাৰীৰ ওপৰত চটিয়াই বা কেঁচা ধনিয়া পাত বিভিন্ন প্ৰকাৰে মানুহে সোৱাদৰ কাৰণে খায়। অন্ততঃ অসমৰ একাধিক ব্যঞ্জনত ধনিয়া পাত অভিন্ন। এই ধনিয়া পাত বা এনে একাধিক পাচলিত টেপৱৰ্ম থাকিব পাৰে, সেয়েহে বহুতো অধ্যয়নৰ পিছত, বিশেষজ্ঞসকলে কয় যে এনে পাচলি বা পাচলিৰ পাত উতলাই ৰান্ধিব লাগে। ধনিয়া পাতৰ উপৰিও আছে এনে বহু খাদ্য। পালেং শাকৰ যথেষ্ট পুষ্টিগত মূল্য আছে, সকলোকে এই শীতকালীন শাক-পাচলি খাবলৈ পৰামৰ্শ দিয়া হয়। যিহেতু পালেং শাক পোনপটীয়াকৈ মাটিত তৈয়াৰ কৰা হয়, গছত নহয়, ইয়াত টেপৱৰ্ম থকাৰ সম্ভাৱনা অধিক। পালেং শাক মাটিৰ পৰা উঠোৱা হয় আৰু পোনপটীয়াকৈ চালাডত খোৱা হয়, যাৰ ফলত টেপৱৰ্ম শৰীৰত প্ৰৱেশ কৰিব পাৰে আৰু শৰীৰৰ একাধিক ক্ষতি কৰিব পাৰে। ফুলকবি আৰু বন্ধাকবি হৈছে দুটা প্ৰজাতিৰ পাচলি। দুয়োৰে টেনি চোলিয়াম নামৰ টেপৱৰ্ম আছে। বহুলোকে এই পাচলি চালাডত ব্যৱহাৰ কৰে, যদি কেঁচা বা আধা সিজোৱা হয়, সেয়েহে টেপৱৰ্ম শৰীৰত প্ৰৱেশ কৰিব পাৰে। গতিকে এনেধৰণৰ শাক পাচলি খাওঁতে সাৱধান হওক আৰু ফিটা পেলুৰ পৰা শৰীৰটো আতৰাই ৰাখক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক; ১২ ঘণ্টাত ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ

মাত্ৰ ১২ ঘণ্টাৰ ভিতৰতে ৰাজ্যত সংঘটিত হৈছে দুটাকৈ এনকাউণ্টাৰৰ...