ভাৰতীয় অস্ত্ৰৰ শৰণাপন্ন হৈছে ইউনাইটেড আৰৱ এমিৰেটছ

শেহতীয়াভাৱে মধ্যপ্ৰাচ্যত হুথী বিদ্ৰোহীৰ আক্ৰমণ বৃদ্ধি পোৱাৰ পিছত এইবাৰ আত্মৰক্ষাৰ বাবে ভাৰতীয় অস্ত্ৰৰ শৰণাপন্ন হৈছে ইউনাইটেড আৰৱ এমিৰেটছ। নিজৰ আকাশ সীমাৰ সুৰক্ষাৰ বাবে আবুধাবি মহলে ক্ৰয় কৰিব লৈছে বাৰাক এইট ক্ষেপণাস্ত্ৰ। এই ক্ষেপণাস্ত্ৰ যৌথভাৱে বিকশাই তুলিছে ভাৰতৰ DRDO আৰু ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে। ৭০ কিলোমিটাৰ দূৰত্বলৈকে লক্ষ্যভেদ কৰিব পৰা বাৰাক এইট ক্ষেপণাস্ত্ৰই যাত্ৰা পথতে ধ্বংস কৰিব পাৰে যিকোনো বিমান, বেলিষ্টিক ক্ষেপণাস্ত্ৰ, ড্ৰোণ আৰু ক্ৰুইজ ক্ষেপণাস্ত্ৰ আদি। আনকি ষ্টেলথ বিমানো সাৰি নাযায় বাৰাকৰ আঘাতৰ পৰা। শেহতীয়াভাৱে আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত সংঘটিত যুদ্ধত আজাৰবাইজানে লাভ কৰা দ্ৰুত বিজয়ৰ আঁৰত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল বাৰাক এইট ক্ষেপণাস্ত্ৰই। ইয়াৰে পৰিপ্ৰেক্ষিতত ইউনাইটেড আৰৱ এমিৰেটছে নিৰ্বাচন কৰিছে এই ভাৰতীয় অস্ত্ৰ। আনহাতে, ব্ৰাহ্মোছৰ পিছত ভাৰতীয় বাৰাকৰ এনে এই আন্তঃৰাষ্ট্ৰীয় চাহিদাই দেশৰ প্ৰতিৰক্ষা উদ্যোগক অধিক বিকশাই তুলিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...