কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ দুৰ্গত আৰম্ভ হৈছে খহনীয়া!

ছয়গাঁৱৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ দুৰ্গত খহনীয়া৷ বিজেপি দলৰ ‘সবকা সাথ সবকা বিকাশ’ আদৰ্শত অনুপ্ৰাণিত হৈ গৰৈমাৰীত কংগ্ৰেছী কৰ্মীৰ বিজেপিত যোগদান৷ কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ শাসনত অতিষ্ঠ হৈ বাতাহিদিয়া গাঁও পঞ্চায়তৰ কেইবাগৰাকী কংগ্ৰেছ দলৰ সৰবৰাহী মহিলা আৰু পুৰুষে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টীত৷

উল্লেখ্য যে, আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গৰৈমাৰী মণ্ডল বিজেপিয়ে গৰৈমাৰীত বিজেপিৰ ভেটি শক্তিশালী কৰাৰ বাবে সাজু হৈছে৷ বিশেষকৈ ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ বাতাহিদিয়া গাঁও পঞ্চায়তত কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ ৷ যাৰ বাবে বিজেপিত যোগদান কৰে বাতাহিদিয়া গাঁও পঞ্চায়তৰ কেইবাগৰাকী কংগ্ৰেছ দলৰ সৰবৰাহী মহিলা আৰু পুৰুষে ৷

আজি কংগ্ৰেছ দলত যোগদান কাৰ্যসূচীত দক্ষিণ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰ, এচ চি মৰ্চাৰ সভাপতি প্ৰহ্লাদ বিশ্বাস, সম্পাদক গিৰীৰাজ তিমচিনা, জিলা প্ৰভাৰী পবিত্ৰ ডেকা উপস্থিত থাকে। ইয়াৰ লগতে গৰৈমাৰী মণ্ডল প্ৰভাৰী কমলেশ্বৰ দাস, গৰৈমাৰী মণ্ডলৰ সভাপতি আক্ৰাম হুছেইন আৰু সম্পাদক আনিছ ভূঞা উপস্থিত থাকে এই অনুষ্ঠানত ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...