কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহজিলাত চলিছে লুণ্ঠনৰ প্ৰতিযোগিতা

কৃষি বিভাগৰ গোলাঘাট জিলাত লুণ্ঠনৰ প্ৰতিযোগিতা চলিছে? ৰাজ্য কপোঁৱা মাটিমাহ কেলেংকাৰীৰ পাছত কৃষিমন্ত্ৰীৰ গৃহজিলা গোলাঘাটত পুনৰ উন্মোচিত হৈছে কৃষি বিভাগৰ নতুন কেলেংকাৰি। এইবাৰ কৃষিত চলিছে নেপিয়াৰ শ্লীপৰ নামত লুণ্ঠন। নেপিয়াৰ শ্লীপৰ নামত কৃষকক যোগান ধৰা হৈছে পেলনীয়া সামগ্ৰী। ফলস্বৰূপে কৃষি বিভাগে যোগান ধৰা নেপীয়াৰ শ্লীপ উভটাই দিবলৈ বাধ্য হ’ল গোলাঘাটৰ কৃষকে। NKTVৰ নিজাববীয়া অনুসন্ধানত উন্মোচিত হৈছে ভয়ংকৰ তথ্য।

কৃষিমন্ত্ৰীৰ গৃহজিলাত চলিছে লুণ্ঠনৰ প্ৰতিযোগিতা
মাটিমাহ কেলেংকাৰিৰ পিছত এইবাৰ আন এক কেলেংকাৰি
নেপিয়াৰ শ্লীপৰ নামত কৃষকক যোগান পেলনীয়া সামগ্ৰী
কৃষি বিভাগে দিয়া নেপিয়াৰ শ্লীপ ওভতাই দিলে কৃষকে
NKTVৰ অনুসন্ধানত উন্মোচন বিস্ফোৰক তথ্য
পুনৰ বিতৰ্কত SALASAR AGRO SERVICES

গোলাঘাটৰ কৃষি বিভাগৰ বিয়াগোম মাটিমাহ কেলেংকাৰীৰ পাছত এইবাৰ গৰুৱে খোৱা নেপিয়াৰ শ্লীপৰ নামত কেলেংকাৰী!নেপথ্যত বিতৰ্কিত যোগানকাৰী সংস্থা Salasar Agro Services। মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগৰ প্ৰতিটো আঁচনিতে এতিয়া কেৱল লুন্ঠন আৰু অনিয়মৰ ক’লা অধ্যায়। কোন আঁচনিত কিমান টকাৰ লুণ্ঠন? যেন বিভাগৰ আঁচনিসমূহৰ মাজতেই চলিছে লুণ্ঠনৰ অঘোষিত প্ৰতিযোগিতা।

ৰাজ্য কঁপোৱা মাটিমাহ কেলেংকাৰিৰ পিছত কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহজিলা গোলাঘাটত এইবাৰ নেপিয়াৰ শ্লীপ যোগানৰ কেলেংকাৰি। এটা শ্লীপকেই দুটুকুৰা কৰি যোগান ধৰা হৈছে কৃষকক। খেতি পথাৰৰ বাবে কোনোপধ্যেই উপযুক্ত নহয় এনে নেপিয়াৰ শ্লীপৰ টুকুৰা। জাবৰৰ দ’মতহে পৰিণত হ’ব এই নেপিয়াৰ শ্লীপৰ টকুৰা।

নিয়ম অনুসৰি এটা পাবৰ দুইমূৰে থাকিব লাগে দুটা গাঁঠি। কিন্তু যোগানকাৰী সংস্থাই এটা শ্লীপকে দুটুকুৰা কৰি কৃষকক যোগান ধৰা হৈছে। Sampleৰ নামত মাত্ৰ দুডাল উপযুক্ত ঘাঁহ দেখুওৱাই বস্তাই বস্তাই যোগান ধৰা হ’ল অনুপযুক্ত আধাকটা নেপিয়াৰ শ্লীপ। শনিবাৰে NKTVৰ গ্ৰাউণ্ড জিৰ’ অনুসন্ধানত পোহৰলৈ আহিল এই সমগ্ৰ তথ্য। NKTVৰ উপস্থিতিত কৃষকে উৎপাদনৰ অনুপযুক্ত বুলি কোৱাতহে বীজ সমূহ ঘূৰাই দিবলৈ বাধ্য হ’ল গোলাঘাট কৃষি বিভাগ। উৎপাদনৰ অনুপযুক্ত বুলি কৃষকে গ্ৰহণ নকৰাত সেই শ্লীপ ওভতাই পঠিয়ালে গোলাঘাট কৃষি বিভাগে। অনুপযুক্ত নেপিয়াৰ শ্লীপসমূহ যোগান ধৰিছিল বিতৰ্কিত যোগানকাৰী প্ৰতিষ্ঠান Salasar Agro Services-এ।

এইদৰে এতিয়া পেলনীয়া সামগ্ৰী যোগান ধৰি গোলাঘাটৰ বিয়াগোম কৃষি বিভাগত কোটি কোটি টকা লুণ্ঠনৰ জাল পেলাইছে Salasar Agro Services-এ। মাত্ৰ কেইটামান মাহ পূৰ্বে NKTVত সবিস্তাৰে প্ৰকাশ পাইছিল URD-4 মাটিমাহৰ বিয়াগোম কেলেংকাৰী। তাৰ পাছত পুনৰ NKTVত ওলাল নেপিয়াৰ শ্লীপৰ কেলেংকাৰী।

মন কৰিবলগীয়া যে, টেণ্ডাৰ অনুসৰি গোলাঘাট জিলাৰ মুঠ ৬৫ হেক্টৰ ভূমিৰ বাবে অনুমোদন হৈছিল মুঠ ১৯,৫০,০০০ শ্লীপ। কিন্তু শনিবাৰে আহিল মাত্ৰ ১২ লাখ শ্লীপ। শ্লীপবোৰ আহি পোৱাৰ অন্তিম দিন আছিল ২৭ ছেপ্টেম্বৰ। কিন্তু আহি পাওঁতে হ’লগৈ ৩০ ছেপ্টেম্বৰ।

কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া!
আৰু কিমান ক’ম আপোনাৰ বিভাগৰ কেলেংকাৰিৰ কথা?
আৰু কিমান কেলংকাৰিৰ কথা শুনিলে ব্যৱস্থা ল’ব আপুনি?
নে বিতৰ্কিত ছালাছাৰ এগ্ৰ’ ছাৰ্ভিচেজৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সৎ সাহসকণ নাই আপোনাৰ?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...