তিনিগৰাকীৰ সৈতে সম্পৰ্ক ৰাখি বিপদত বিজেপি নেতা!

বেটী বচাও বেটী পঢ়াও শ্লোগান দিয়া এটা ৰাষ্ট্ৰীয় দলৰ নীতি, অনুশাসন আৰু নিয়মানুৱৰ্তিতাৰ ওপৰত এতিয়া প্ৰশ্ন উঠিছে। ইজনৰ পিছত সিজন বিয়াগোম বিজেপি নেতাৰ নাম সাঙোৰ খাই পৰিছে নাৰী কেলেংকাৰীত। সেয়া লাগিলে ৰাষ্ট্ৰীয় পৰ্যায়তে হওক অথাবা ৰাজ্যিক পৰ্যায়ত। এইবাৰ ঘৰত তিনি সন্তানসহ পত্নীক এৰি, প্ৰথমা প্ৰেমিকাৰ সৈতে গোপন অভিসাৰত লিপ্ত এজন বিজেপি নেতা, হাটে-লোটে ধৰা পৰিল দ্বিতীয় প্ৰেমিকাৰ আগত। তাৰ পিছত প্ৰথম প্ৰেমিকা VS দ্বিতীয় প্ৰেমিকা। ভাইৰেল হ’ল বিহালীৰ এজন প্ৰভাশালী বিজেপি নেতা।
………………………………
এগৰাকী, দুগৰাকী নহয়…
তিনিগৰাকীৰ সৈতে সম্পৰ্ক ৰাখি বিপদত বিজেপি নেতা!
ভিডিঅ’ ভাইৰেল হ’ল, ভিডিঅ’ত প্ৰথম প্ৰেমিকা VS দ্বিতীয় প্ৰেমিকা
দুৰ্বাদল কাজিয়া!

বিহালী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন ৰাজ্যিক সভাপতি, প্ৰাক্তন কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ অতি ঘনিষ্ঠ, সোঁহাতস্বৰূপ বাঘমৰা মণ্ডলৰ সভাপতি জনৈক শৰ্মা। চিনাকীত এইজন এজন বিয়াগোম নেতা। ঘৰত তেওঁৰ তিনি সন্তানসহ পত্নী আছে। কিন্তু তেওঁৰ মন অলপ উগুল-থুগুল। সেয়ে বিজেপি দলৰে এগৰাকী সদস্যাৰ সৈতে গুৱাহাটীৰ চেতক নামৰ হোটেলত নৈশ যাপন কৰিবলৈ আহিল তেওঁ। পিছে য’তে বাঘৰ ভয় ত’তে ৰাতি হয়।

গোপন অভিসাৰে পূৰ্ণতা নাপাওঁতেই- হোটেল ৰূমত ওলালহি দ্বিতীয় প্ৰেমিকা!
তাৰ পিছৰখিনি ইতিহাস…

হাতে লোটে ধৰা পেলালে প্ৰথম প্ৰেমিকাই। তাৰ পিছতে দুই প্ৰেমীকাৰ মাজত হোৱা দুৰ্বাদল কাজিয়া। আৰু সেই ভিডিঅ হৈ পৰিল ভাইৰেল। চাওক কিদৰে দুই প্ৰেমিকাৰ যুঁজত সেমেনা সেমেনিকৈ বহি আছে বিয়াগোম এজন বিজেপি নেতা। পত্নীসহ তিনি সন্তানৰ পিতৃ এইজন বিজেপি নেতাৰ কৰ্মকাণ্ডই চকু কপালত তুলিছে সকলোৰে। এগৰাকী পত্নী যোগ এগৰাকী প্ৰেমিকা যোগ আন এগৰাকী প্ৰেমিকা। বিপদতো হ’বই।

এই ভাইৰেল ভিডিঅ’ই বিশ্বনাথ জিলা বিজেপিৰ ৰাজনীতিত তোলপাৰ লগোৱাৰ বাতৰি একমাত্ৰ NKtvত সম্প্ৰচাৰ হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তথা সম্পাদক তুষাৰ বৰাই।

প্ৰশ্ন হয় প্ৰাক্তন মন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ বাবেই দলে কোনো অনুশাসননমূলক ব্যৱস্থা নল’ব নেকি জনৈক শৰ্মা উপাধিধাৰী এইজন বিজেপি নেতাৰ ওপৰত। বাৰে বাৰে কিয় এনে নাৰী কেলেংকাৰীৰে নাম সাঙোৰ খাই একাংশ বিজেপি নেতাৰ? বেটী বচাও বেটী পঢ়াও শ্লোগান দিয়া দলটোৰ এয়া কেনে নীতি অনুশাসন আৰু নিয়মানুৱৰ্তিতা?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...