বিভিন্ন স্তৰৰ লোকৰ অংশগ্ৰহণেৰ “স্বচ্ছতাই সেৱা” কাৰ্যসূচীলৈ অসমৰ উৎসাহজনক সঁহাৰি

এখন স্বচ্ছ আৰু নিকা ভাৰতবৰ্ষ গঢ়াৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা দেশজোৰা কাৰ্যসূচী “স্বচ্ছতাই সেৱা” অভিযানলৈ অসমবাসীয়েও উৎসাহজনক সঁহাৰি আগবঢ়াইছে। এই কাৰ্যসূচীত ৰাজ্যৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ লোকে ব্যাপকভাৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহলৰ নেতৃত্বত ৰাজ্যখনত স্বচ্ছতা সুনিশ্চিতকৰণৰ দিশত এক ব্যাপক সজাগতা অভিযান আৰম্ভ কৰা হৈছে। অসমক স্বচ্ছতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ উজ্জ্বল নিদৰ্শন হিচাপে গঢ়ি তোলাৰ আহ্বানলৈ সঁহাৰি জনাই কালি পৰ্যন্ত ৰাজ্যৰ ৬৩,২৭৩ৰো অধিক নাগৰিক আৰু ৯৬টা নগৰীয়া স্থানীয় নিকায়ে এই লক্ষ্যৰে একত্ৰিত হৈছে। এইধৰণৰ সহযোগিতামূলক প্ৰচেষ্টাই হৈছে “স্বচ্ছ ভাৰত”ৰ ভৱিষ্যৎ দৃষ্টিভংগীৰ এক অবিচ্ছেদ্য অংগ।

আনহাতে, এক উৎসাহজনক পৰিসংখ্যা অনুসৰি অসমৰ ৩৩খন জিলাৰ ৪৩,২৬৫খন বিদ্যালয়ৰ ৩৯,১৩,৩৬৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়েও এই কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছে। “আমাৰ বিদ্যালয় চৌহদ পৰিষ্কাৰ কৰোঁ আঁহা” শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰি এই অভিযানক উৎসাহেৰে সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিছে। তেওঁলোকৰ জড়িতকৰণে প্ৰধানমন্ত্ৰী মোডীৰ দৃষ্টিভংগীৰ সাৰমৰ্মক মূৰ্ত কৰি তোলাৰ লগতে স্বচ্ছ ভাৰতৰ প্ৰতি নিজৰ দায়বদ্ধতাক অক্ষুণ্ণ ৰাখিবলৈ সকলোকে অনুপ্ৰাণিত কৰিছে।

আনহাতে এই অভিযানৰ পৰ্যালোচনাৰ বাবে মন্ত্ৰী অশোক সিংহলে যোৱা ২৭ ছেপ্টেম্বৰত ৰাজ্যৰ সকলো জিলা আয়ুক্ত, পৌৰসভাৰ অধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়া, আৰু পাৰিষদসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ ভিডিঅ’ কনফাৰেন্সত মিলিত হয়। এই বৈঠকৰ সময়ত তেওঁ সকলো অংশীদাৰক “স্বচ্ছতা হি সেৱা” কাৰ্যসূচীত সক্ৰিয়ভাৱে জড়িত হ’বলৈ আহ্বান জনায়। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে প্ৰতিগৰাকী নাগৰিকৰ আন্তৰিকতাপূৰ্ণ অংশগ্ৰহণেৰেহে এক “স্বচ্ছ ভাৰত”ৰ সপোন বাস্তৱায়িত হ’ব পাৰে।

মন্ত্ৰী সিংহলে ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিককে অহা ১ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা আৰম্ভ কৰিব খোজা এঘণ্টীয়া “শ্ৰমদান” কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। এই সামূহিক প্ৰচেষ্টাই অসমক স্বচ্ছ ভাৰতৰ দিশত সূচনা হোৱা দেশজোৰা আন্দোলনৰ সৈতে একাত্ম হোৱাৰ সুযোগ প্ৰদানৰ লগতে এখন স্বচ্ছ আৰু নিকা ৰাজ্য হিচাপে গঢ় দিয়াৰ দিশতো সহায়ক হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ সৌভাগ্যশালী যাত্ৰী ৰমেশ বিশ্বাস কুমাৰ

বৃহস্পতিবাৰে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত...

১০ মিনিট দেৰি কৰাৰ বাবে ফ্লাইটখন মিছ কৰিছিল এইগৰাকী সৌভাগ্যশালী মহিলাই

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এয়াৰ...

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা : ৮,২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল কেপ্তেইন সুমিত ছভাৰৱালৰ

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এটা...

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰৰ কাৰিকৰী সমস্যাৰ ইতিহাস

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰ, যি এখন অত্যাধুনিক বাণিজ্যিক বিমান হিচাপে...