ৰুক্মিনী হৰণ…গুজৰাটৰ মাধৱপুৰ মন্দিৰত কিয় আয়োজন কৰা হয় ৫ দিনীয়া বিবাহ উৎসৱ?

ৰুক্মিনী হৰণৰ কাহিনী অথবা আখ্যান আপুনি হয়তো নিজেও পঢ়িছে নাইবা আন স্থানত শুনিছে। অতীজৰে পৰা ৰুক্মিনী হৰণক লৈ নানাক লোককথা আৰু আখ্যান প্ৰচলিত আছে। ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিনীক হৰণ কৰি গুজৰাটৰ মাধৱপুৰ মন্দিৰত চ’ত মাহৰ শুক্লা দ্বাদশী তিথিত বিয়া পাতিছিল।

তেতিয়াৰে পৰা প্ৰতি বছৰে ৫ দিনীয়াকৈ বিবাহ উৎসৱ আয়োজন কৰা হয়। ‘বাৰাট’ৰে আৰম্ভ হোৱা এই উৎসৱ ‘বিদায়’ৰে সমাপ্ত হয়। ‘ৰুক্মিনী হৰণ’ নাটতো দ্বাৰকা যাত্ৰাৰ বৰ্ণনা আছে। এইবাৰ ৫ দিনীয়া মাধৱপুৰ উৎসৱত অসম আৰু অৰুণাচলকে ধৰি উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ লোককৃষ্টি আৰু হস্তশিল্প-বস্ত্ৰশিল্প প্ৰদৰ্শিত হৈছে।

এইবাৰৰ মহোত্সৱত অসমৰ ২৪০জন শিল্পীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। পৌৰাণিক লোককথাই পুনৰ অসম তথা উত্তৰ-পূবৰ সৈতে গুজৰাটক আকৌ এবাৰ মিলনৰ সেঁতুৰে বান্ধিলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...