লখিমপুৰত ‘বিকাশৰ ১২ দিন’ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

৩৭টা বিধান সভা সমষ্টিৰ বাবে নতুন ৰেচন কার্ড বিতৰণৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

আভাষীয়ভাবে লখিমপুৰ চৰকাৰী আইন মহাবিদ্যালয় শুভ উদ্বোধন কৰাৰ লগতে চৰকাৰী নার্চিং মহাবিদ্যালয়ৰো শিলান্যাস কৰিলে মুখ্যমন্ত্ৰীয়ে

বৰ্তমানৰ ৰাজ্য চৰকাৰৰ দিনত লখিমপুৰ আৰু ধেমাজি উন্নত জিলা হিচাপে পৰিগণিত হৈছে: মুখ্যমন্ত্রী

ৰাজ্যখনৰ সামগ্রিক বিকাশ আৰু কল্যাণৰ লক্ষ্যৰে যোৱা ১১ ডিচেম্বৰৰ পৰা ‘বিকাশৰ ১২ দিন’ নামেৰে আৰম্ভ কৰা অবিৰত যাত্ৰাৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি লখিমপুৰ জিলাৰ চুকুলিভৰীয়াত অসম মাইক্র ‘ফাইনেন্স উদগণি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত তৃতীয়বৰ্গৰ ঋণী হিতাধিকাৰীলৈ দ্বিতীয় পৰ্যায়ৰ দেয়ক বিহীন (ন’ ডিউজ) প্রমাণপত্র, দুর্যোগত ক্ষতিগ্রস্ত পৰিয়াললৈ পোনপটীয়া আর্থিক সাহায্য প্রদান আৰু ‘প্রধানমন্ত্রী ক্ষুদ্র খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ আঁচনি’ৰ অধীনত আত্ম-সহায়ক গোটলৈ প্ৰাৰম্ভিক মূলধন প্ৰদান কৰে।
মুখ্যমন্ত্রীয়ে আজি বিত্ত বিভাগৰ দ্বাৰা ৰূপায়িত অসম মাইক্র ‘ফাইনেন্স উদগণি আৰু সকাহ আঁচনিখনৰ তৃতীয় বৰ্গৰ দ্বিতীয় পৰ্যায়ৰ ৰূপায়িত আঁচনিখনৰ জৰিয়তে লখিমপুৰ জিলাত ৪,৫২৪ গৰাকী ঋণ গ্রহণকাৰী মহিলাক মাইক্র’ফাইনেন্স ঋণৰ পৰা দেয়ক বিহীন প্রমাণপত্র আনুষ্ঠানিকভাবে প্রদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। এই হিতাধিকাৰীসকলৰ হৈ অসম চৰকাৰে ১৪ কোটি ১১ লাখ টকাৰ ঋণ পৰিশোধৰ ব্যৱস্থা কৰিছে। আনহাতে লখিমপুৰ জিলাত ২০২৪ চনত বানপানীত সম্পূর্ণভাৱে বিধ্বস্ত হোৱা মুঠ ২৮ টা পৰিয়ালৰ মাজত ৩৩.৬ লাখ টকা আৰু আংশিকভাৱে ক্ষতিগ্রস্ত হোৱা ১১ টা পৰিয়ালৰ মাজত ৪৪ হাজাৰ টকাৰ আৰ্থিক সাহায্য আনুষ্ঠানিকভাবে বিতৰণ কৰা হৈছে। ইয়াৰ জৰিয়তে ২২,১৩৬ গৰাকী হিতাধিকাৰী উপকৃত হৈছে। তদুপৰি, প্ৰধানমন্ত্ৰী ক্ষুদ্র খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ আঁচনিৰ জৰিয়তে অসম চৰকাৰে লখিমপুৰত অসম ৰাজ্যিক গ্রাম্য জীৱিকা অভিযানৰ অধীনত নিয়োজিত ৩৫৪ টা আত্ম-সহায়ক গোটক ১.২৭ কোটি টকাৰ প্ৰাৰম্ভিক মূলধন ঋণ হিচাপে প্রদান কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...