অৰুণোদয় ৩.০ আঁচনিৰ বাবে উপাৰ্জনৰ প্রমাণ-পত্ৰ আৱশ্যক নহয়

অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় ৩.০ আঁচনিৰ অধীনত উপাৰ্জনৰ প্রমাণ-পত্ৰৰ প্ৰয়োজন সম্পর্কে এক স্পষ্টীকৰণ জাৰি কৰিছে। এই স্পষ্টীকৰণ অনুসৰি অৰুণোদয় ৩.০ আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কার্ড থকা ব্যক্তি তথা পৰিয়ালে গাঁও প্রধান, মৌজাদাৰ অথবা আন কোনো কর্তৃপক্ষৰ পৰা উপাৰ্জনৰ প্ৰমাণ-পত্ৰ আহৰণ কৰি জমা দিয়াৰ প্ৰয়োজন নাই। সেয়েহে আবেদনকাৰীসকলক উপাৰ্জনৰ প্ৰমাণ-পত্র সন্দর্ভত যিকোনো বিভ্রান্তিকৰ তথ্য অথবা কোনো ব্যক্তি বা গোটৰ কু-অভিপ্ৰায়ৰ ভুক্তভোগী নহ’বৰ বাবে সতর্ক হৈ থাকিবলৈ আহ্বান জনোৱা হ’ল।

আয়ৰ প্ৰমাণ-পত্ৰ প্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণক বিপথে পৰিচালিত কৰা লোক বা গোটৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰাৰ লগতে অভিযোগৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিয়া হৈছে। অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক মাহিলি ১,২৫০ টকাকৈ বিত্তীয় সাহায্য প্রদান কৰাই হৈছে অৰুণোদয় ৩.০ আঁচনিৰ মূল লক্ষ্য। এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা আৰু নিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...