নিৰ্বাচনী সভাত কংগ্ৰেছক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য

‘গাখীৰ নিদিয়া গৰুক ঘাঁহ খুৱাই লাভ নাই’
‘কংগ্ৰেছক ভোট দিলেও একেই কথা হ’ব’

নিৰ্বাচনী সভাত কংগ্ৰেছক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে মন্তব্য

কাৰ্বি আংলঙৰ বোকাজানৰ সৰিয়হজান। গানে–নাচে বোকাজানত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে।
কাৰ্বি আংলঙত এতিয়া কংগ্ৰেছৰ কোনো অস্তিস্ব নাই বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে।

ডিফু সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমৰছিং তিছ’ৰ হৈ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই দ্বিতীয়খন সভা সম্বোধন কৰে তাৰাবাছাত। নিৰ্বাচনী সভালৈ অহা মুখ্যমন্ত্ৰীক বিপুল আদৰণি জনায় বিজেপি নেতা–কৰ্মীয়ে। নিৰ্বাচনী সভাত ডিফু সমষ্টিৰ উন্নয়নৰ ধাৰা অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীৰ সৈতে সভাত উপস্থিত থাকে বিজেপি প্ৰাৰ্থী অমৰছিং তিছ’, কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। এইবাৰ বিজেপি প্ৰাৰ্থীজন ৪ লাখ ভোটত ডিফুত জয়ী হ’ব বুলিও মুখ্যমন্ত্ৰীৰ ভৱিষ্যত বানী। কাজিৰঙাৰ কুঠৰীৰ পৰা ডকমকালৈ নিৰ্মাণ হ’বলগীয়া পথৰ বাবে ৩০০ কোটি আৱন্টন দিয়াৰ কথাও ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। অংগনবাড়ী কৰ্মী-সহায়িকাক CITUৰ পৰা ওলাই আহিবলৈও আওপকীয়াকৈ ক’লে মুখ্যমন্ত্ৰীয়ে।

ডিফু সমষ্টিৰ বিজেপি প্ৰাৰ্থীজনৰ হৈ পশ্চিম কাৰ্বিআংলঙৰ আমৰিজানত প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে। বিপুল ভোটত বিজেপি প্ৰাৰ্থীজনক জয়ী কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত শিলচৰলৈ যাত্ৰা কৰে মুখ্যমন্ত্ৰীয়ে। শিলচৰত অমিত শ্বাহৰ নিৰ্বাচনী ৰেলীত অংশ লয় মুখ্যমন্ত্ৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...