নিৰ্বাচনী সভাত কংগ্ৰেছক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য

‘গাখীৰ নিদিয়া গৰুক ঘাঁহ খুৱাই লাভ নাই’
‘কংগ্ৰেছক ভোট দিলেও একেই কথা হ’ব’

নিৰ্বাচনী সভাত কংগ্ৰেছক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে মন্তব্য

কাৰ্বি আংলঙৰ বোকাজানৰ সৰিয়হজান। গানে–নাচে বোকাজানত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে।
কাৰ্বি আংলঙত এতিয়া কংগ্ৰেছৰ কোনো অস্তিস্ব নাই বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে।

ডিফু সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমৰছিং তিছ’ৰ হৈ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই দ্বিতীয়খন সভা সম্বোধন কৰে তাৰাবাছাত। নিৰ্বাচনী সভালৈ অহা মুখ্যমন্ত্ৰীক বিপুল আদৰণি জনায় বিজেপি নেতা–কৰ্মীয়ে। নিৰ্বাচনী সভাত ডিফু সমষ্টিৰ উন্নয়নৰ ধাৰা অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীৰ সৈতে সভাত উপস্থিত থাকে বিজেপি প্ৰাৰ্থী অমৰছিং তিছ’, কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। এইবাৰ বিজেপি প্ৰাৰ্থীজন ৪ লাখ ভোটত ডিফুত জয়ী হ’ব বুলিও মুখ্যমন্ত্ৰীৰ ভৱিষ্যত বানী। কাজিৰঙাৰ কুঠৰীৰ পৰা ডকমকালৈ নিৰ্মাণ হ’বলগীয়া পথৰ বাবে ৩০০ কোটি আৱন্টন দিয়াৰ কথাও ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। অংগনবাড়ী কৰ্মী-সহায়িকাক CITUৰ পৰা ওলাই আহিবলৈও আওপকীয়াকৈ ক’লে মুখ্যমন্ত্ৰীয়ে।

ডিফু সমষ্টিৰ বিজেপি প্ৰাৰ্থীজনৰ হৈ পশ্চিম কাৰ্বিআংলঙৰ আমৰিজানত প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে। বিপুল ভোটত বিজেপি প্ৰাৰ্থীজনক জয়ী কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত শিলচৰলৈ যাত্ৰা কৰে মুখ্যমন্ত্ৰীয়ে। শিলচৰত অমিত শ্বাহৰ নিৰ্বাচনী ৰেলীত অংশ লয় মুখ্যমন্ত্ৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...