ঘৰৰ ল’ৰা ঘৰলৈ, চীনে চমজাই দিলে অৰুণাচলৰ অপহৃত কিশোৰক

অৱশেষত চীনে চমজাই দিলে অৰুণাচলৰ অপহৃত কিশোৰ মিৰাম টাৰণক। চীনৰ সামৰিক বাহিনী PLAই আজি হস্তান্তৰ কৰে কিশোৰজনক। ১৮ জানুৱাৰীত অপহৃত হৈছিল কিশোৰটি। মিৰাম টাৰণ নামৰ কিশোৰজনক সীমান্তৰ পৰা কৰায়ত্ত কৰিছিল PLA-এ। আজি অৰুণাচল সীমান্তত সেনাক চমজাই দিয়ে মিৰাম টাৰণক। বৰ্তমান চিকিত্সা আৰু স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। NKTVক জনালে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে। ১৮ জানুৱাৰীত অপহৃৰণৰ পিছতে ১৯ জানুৱাৰীত টুইটাৰযোগে অৱগত কৰিছিল অৰুণাচল পূবৰ সাংসদ টাপিৰ গাৱে। চৰকাৰৰ বিৰুদ্ধে নিষ্ক্ৰিয়তাৰ অভিযোগ তুলি সমালোচনা কৰিছিল ৰাহুল গান্ধীয়েও। ভাৰত চৰকাৰে মুকলি কৰিবলৈ দাবী জনোৱাৰ পিছতে চীনৰ সঁহাৰি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...