ভাৰতৰ পদূলিত শত্ৰুৰ কিৰিলি

✒️ অচিন্ত্য শৰ্মা

চীন, পাকিস্তানৰ পিছত এইবাৰ তুৰস্ক। এখনৰ পিছত আন এখনকৈ। ভাৰতৰ শত্ৰুৰাষ্ট্ৰ। ৰঙাদলিচা পাৰি দিছে ফ্ৰেংকেনষ্টাইন বাংলাদেশে।

হয়, ভাৰতেই জন্ম দিয়া আৰু জন্মৰে পৰা ফ্ৰেংকেনষ্টাইনৰ ৰূপ লৈ ভাৰতৰ ক্ষতিসাধন কৰি অহা বাংলাদেশে এইবাৰ নিজৰ মাটিত পাৰি দিছে ৰঙাদলিছা পাৰি দিছে ভাৰতৰ অন্য এক শত্ৰুৰাষ্ট্ৰ, ইছলামিক মৌলবাদী দেশ তুৰস্কক। শেহতীয়া ভাবে বাংলা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বিদায়ী তুৰ্কী ৰাষ্ট্ৰদূত মুস্তাফা ওছমান টুৰাণৰ আগত প্ৰকাশ কৰিছে উভয় ৰাষ্ট্ৰৰ মাজত থকা তেঁওৰ ইচ্ছাৰ কথা। হাছিনাই তুৰস্কৰ পৰা বিছাৰিছে নিজৰ কৃত কৰ্মৰ বাবে ম্যানমাৰৰ পৰা খেদা খোৱা ৰোহিংগ্যা দুৰ্বৃত্তহঁতক পুনৰ ম্যানমাৰলৈ আঁতৰাই পঠোৱাৰ ক্ষেত্ৰত সক্ৰিয় সহযোগিতা। তদুপৰি হাছিনাৰ মুখত ওলাইছে বাংলাদেশত তুৰস্কৰ বিনিয়োগ বঢ়োৱাৰ কথাও। ভাৰতৰ বাবে সকলোতকৈ উদ্বেগজনক বিষয় হৈছে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বাংলাদেশে তুৰস্কৰ সহযোগিতা বিছৰাটো। কাৰণ এনে সহযোগিতাই বাংলাদেশৰ ভূমিত তুৰ্কী সেনাৰ উপস্থিতিক নায্যতা প্ৰদান কৰিব। ইতিমধ্যে তুৰস্কৰ লগত বাংলাদেশৰ বাণিজ্যিক সহযোগিতা বহুখিনি বৃদ্ধি পাইছে। অকল ২০২২ চনৰ বছৰটোতে বাংলাদেশৰ বিষয়ে অৰ্থনৈতিক মুদ্ৰাৰ হিচাপত প্ৰায় সাত হাজাৰ কোটি টকা। আনহাতে উভয় দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি পাইছে ভাৰতীয় মুদ্ৰাৰ আজিৰ মূল্যমানৰ হিচাপত প্ৰায় ১২ হাজাৰ কোটি টকা। তদুপৰি তুৰস্কই আগবঢ়াইছে ঢাকাৰ প্ৰাইম লোকেশ্যনত এখন বিশাল ছুপাৰ স্পেচিয়েলিটি হাস্পাতাল নিৰ্মাণৰ প্ৰস্তাবো।

বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিত ভাৰতৰ ঘোৰ শত্ৰু ৰাষ্ট্ৰ তুৰস্ক। পাকিস্তানৰ লগত ভাৰত-বিৰোধী জোঁটবন্ধন গঢ়ি তুলিছে এই তুৰস্কই। এতিয়া সেই তুৰস্ককেই ৰঙাদলিছা পাৰি দিছে মোদীৰ ঘনিষ্ঠ বন্ধু শ্বেখ হাছিনা। ইতিমধ্যে ভাৰতৰ প্ৰধান শত্ৰু, অগ্ৰাসী ৰঙাচীন পৰম মিত্ৰ হৈ উঠিছে বাংলাদেশ। চীনা অস্ত্ৰৰে সমৃদ্ধ হৈ উঠিছে বাংলা সামৰিক বাহিনী। চীনা বিনিয়োগেৰে সমৃদ্ধ হৈছে বাংলাদেশৰ অৰ্থনীতি আৰু চীনা প্ৰযুক্তিৰে বিকাশিত হৈছে বাংলাদেশৰ আন্তঃগাঁথনি। অৱশ্যে পাকিস্তানৰ লগত বাংলাদেশে এই পৰ্যন্ত এনেকুৱা দৃশ্যমান ঘনিষ্ঠতা গঢ়ি তোলা নাই যদিও কুখ্যাত পাক চোৰাংচোৱা সংস্থা আই এছ আইৰ বাবে ঢাকা মহলে মুকলি কৰি দিছে বাংলাদেশৰ মাটি। আৰু তাৰেই সদব্যৱহাৰ কৰি আই এছ আইয়ে বাংলাদেশৰ মাটিত দঢ়ি তুলিছে বিশাল ভাৰত বিৰোধী নেটৱৰ্ক। এনে জটিল পৰিস্থিতিৰ মাজতেই বাংলাদেশ ওচৰ চাপিছে তুৰস্কৰ। পূৰ্বে বহুবাৰ প্ৰমাণ হোৱাৰ দৰে এইবাৰে প্ৰমাণ হ’ল যে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ ভৌগোলিক অখণ্ডতাৰ লগত আপোচ কৰি ভাৰতৰ ১০ হাজাৰ ছশ একৰ মাটি শ্বেখ হাছিনাৰ চৰণত অৰ্পন কৰিলেও বাংলাদেশৰ প্ৰকৃত বন্ধুত্ব লাভ কৰিব পৰা নাই। এইখিনিতে মনত পেলাব পাৰি যে বহু বিতৰ্কিত বলিউড অভিনেতা আমীৰ খানে ভাৰত বিৰোধী তুৰস্কৰ, ভাৰতবিৰোধী ৰাষ্ট্ৰপতি অৰ্ডোগানৰ ৰাজ অতিথি হোৱাৰ পৰিণতিত প্ৰচুৰ সমালোচনাৰ সন্মুখীন হৈছিল। যি সমালোচনাই স্পষ্ট কৰি তুলিছিল তুৰস্ক ভাৰতৰ ভাৰতৰ কি পৰ্যায়ৰ শত্ৰু। এতিয়া সেই শত্ৰুৱেই বাংলাদেশৰ সৌজন্যত ঘাটি পাতিব ভাৰতৰ পদুলিমুখত।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...