কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষঃ মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটোত শৰীৰৰ সুস্থতাৰ যােগ। কোনো কাৰণত মানসিক অশান্তি হ’ব পাৰে। পাৰিবাৰিক আৰু প্রেমত শুভ। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি হ’ব। শিক্ষার্থীৰ বাবে শুভ। শিল্পীৰ বাবে অশান্তিৰ মাজতেই কিছু উন্নয়নমূলক কামত আগবাঢ়িব। ৰাজনীতিক আৰু সমাজকর্মী সকলে নতুন লাভজনক কামত লাগিব।

বৃষঃ বৃষ ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ, ৰোগ উপশম হােৱাৰ যােগ। মনৰ কিছু অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষাত কিছু অশান্তি হ’ব। সাহিত্যিক, শিল্পীৰ শুভ সংযােগ কাৰক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ কৰ্মত উৎসাহ বৃদ্ধি হ’ব। প্রেম আৰু পাৰিবাৰিক দিশত অলপ অশান্তি হ’ব। আর্থিক, বাণিজ্য আৰু কৰ্মত অলপ উন্নত হ’ব।

মিথুন: মিথুন ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ যদিও মনৰ বিভিন্ন অশান্তি আৰু দুশ্চিন্তা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ। আর্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতাে লাভৰ যােগ। বিদ্যার্থী, শিল্পী, সাহিত্যিকৰ অস্থিৰতা সত্ত্বেও নতুন যােগাযােগ হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যােগ।

কৰ্কটঃ কৰ্কট ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শাৰীৰিক ৰোগ-ৰিষ্টৰ কাৰক যদিও শুভ হ’ব। মনৰ অশান্তি থাকিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট অশান্তি হ’ব পাৰে। শিক্ষার্থী, শিল্পী, সাহিত্যিকৰ অস্বস্তি মাজতত আশাৰ যােগ। আর্থিক বাণিজ্য আৰু কৰ্মত কিছু সুফল পাব। ৰাজনীতিক আৰু সমাজকর্মীৰ লাভ হ’ব।

সিংহঃ সিংহ ৰাশিৰ বাবে আজিৰ দিনটো কিছু শুভ। কোনাে কথাত মনৰ অশান্তি বৃদ্ধি হ’ব পাৰে। শিক্ষার্থী, শিল্পীৰ মনত অশান্তি থাকিলেও কিছু সুফল লাভৰ যােগ। সমাজসেৱা, ৰাজনীতি আৰু সংবাদসেৱাত যুক্তসকলৰ কিছু অশান্তি থাকিব। কর্ম, বাণিজ্য আৰু আর্থিকত আংশিক লাভৰ যােগ। প্ৰেমত আৰু সাংসাৰিকত শুভ।

কন্যাঃ কন্যা ৰাশিৰ বাবে আজিৰ দিনটো শাৰীৰিক, মানসিক শুভকাৰক যদিও হতাশা আহিব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কষ্টৰ যােগে লাভ হ’ব। শিক্ষার্থী, শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ যথেষ্ট কষ্টৰ মাজত কিছু সফলতা আহিব। ৰাজনীতিকৰ চিন্তা বৃদ্ধিৰ যােগ।

তুলা: কিছু অশান্তি থাকিব। চিন্তা, হতাশাৰ যােগ। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভ। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজেৰে নতুন কামত আগবাঢ়িব। ৰাজনীতিক, সমাজসেৱীৰ লাভৰ যােগ।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো উন্নতিৰ যােগ। যদিও চঞ্চলতা বৃদ্ধিৰো যােগ। মন ভাগৰুৱা হ’ব পাৰে। অলপ বিষাদৰাে যােগ আছে। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ নিৰাশাৰ মাজতাে নতুন পৰিকল্পনামতে আগবাঢ়িব। কর্ম, বাণিজ্য আৰু আর্থিক সামান্য লাভৰ যােগ। ৰাজনীতিক, সমাজকর্মীৰ অযথা ক্ষতি হ’ব। প্রেম-প্রীতি আৰু সাংসাৰিক শুভ কাৰক।

ধনুঃ আজিৰ দিনটো উন্নতিৰ কাৰক যদিও দুপৰীয়াৰ পৰা দুৰ্বলতাৰ যােগ। মানসিক দিশত নিৰাশ হ’ব পাৰে। আর্থিক, কৰ্ম আৰু বাণিজ্যত লাভ কিছু কমকৈ পাব। প্রেম-পাৰিবাৰিক দিশত অশুভ। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ নিৰাশাৰ মাজতে কিছু আশাব্যঞ্জক উৎসাহ বাঢ়িব। ৰাজনীতিক, সমাজকর্মীৰ মানসিক দুশ্চিন্তা সত্ত্বেও লাভৰ যােগ।

মকৰঃ মকৰ ৰাশিৰ বাবে আজিৰ দিনটো অশান্তিৰ যােগ। মনৰ সাহস অক্ষুন্ন থাকিব। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ মানসিক অশান্তিৰ কাৰক। প্রেম-পাৰিবাৰিকত অশুভ কাৰক। যথেষ্ট কষ্টৰে আর্থিক ব্যৱসায় আৰু কর্মক্ষেত্ৰত লাভৱান হ’ব।

কুম্ভঃ কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো শুভ। মনৰ অশান্তি থাকিব পাৰে। পৰিয়ালৰ অশান্তিৰ যােগ। শিক্ষার্থী, সাহিত্যিক, শিল্পী, খেলুৱৈৰ নিৰাশাৰ মাজতো শুভ কাৰক। ৰাজনীতিক আৰু সমাজকর্মীৰ অশান্তিৰ মাজেৰেও লাভৰ যােগ। কর্ম, বাণিজ্য আৰু আর্থিক দিশত কিছু উন্নতি। প্ৰেমত হতাশাৰ যােগ।

মীন: শাৰীৰিক আৰু মানসিক দিশত অশান্তি কমিব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক দিশত শুভ। শিক্ষার্থী, সাহিত্যিক, শিল্পী সকলৰ হতাশাৰ মাজতাে উন্নতি কাৰক হ’ব। ৰাজনীতিক আৰু সমাজকর্মীৰ উন্নতিৰ যােগাযােগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...