ৰাজ্যৰ ভিন্ন প্ৰান্তত গৰুচোৰৰ ত্ৰাস

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত গৰু চোৰৰ সন্ত্ৰাস। জামুগুৰিহাটত গৰুচোৰক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতি থানাৰ সন্মুখত। গৰু চোৰৰে আৰক্ষীৰ মিতিৰালি থকাৰ অভিযোগত থানা ঘেৰাও কৰিলে উত্তেজিত ৰাইজে। তামাৰহাটতো ৰাইজৰ ৰোষত পৰিল গৰু চোৰ। তিনিটা চোৰক উত্তম-মধ্যম শোধালে জনতাই। আৰক্ষীয়ে উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

তামাৰহাট, জামুগুৰিহাটত গৰুচোৰক লৈ উত্তেজনা
উত্তম মধ্যম, তৰ্কাতৰ্কি আৰক্ষীৰেও

জামুগুৰিহাটত গৰুচোৰক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতি থানাৰ সন্মুখত। একাংশ লোকে দিলে আৰক্ষী হায় হায় শ্লোগান। গভাইত চোৰৰ এটা গেঙে জামুগুৰিহাটত বিগত বহুদিন ধৰি নিদ্ৰা হৰিছে ৰাইজৰ। শণিবাৰে গটাইমাৰীৰ তিনিটাকৈ গৰুচোৰ ৰাইজে হাতেলোটে কৰায়ত্ত কৰিছিল। তিনিওকে ৰাইজে গতাই দিছিল আৰক্ষীক। কিন্তু তাৰ পাছত আৰক্ষীয়ে ধন লৈ গৰুচোৰ কেতিয়াক এৰি দিয়াৰ অভিযোগ। সেই কথা গম পোৱাৰ পাছতেই থানা ঘেৰাও কৰিলে উত্তেজিত ৰাইজে। প্ৰতিবাদ সাব্যস্ত কৰিলে গটাইমাৰী, ভৰলী চাপৰী, দিঘলী চাপৰি অঞ্চলৰ দুই শতাধিক লোকে৷ আৰক্ষীৰ দূৰ্নীতি-অনিয়মৰ বিৰুদ্ধে ক্ষোভ।

অসম পুলিচ হাই হাই, দূৰ্নীতি বন্ধ কৰক, আৰক্ষী হুচিয়াৰ, দূৰ্নীতিত জৰিত আৰক্ষীক চাকৰিৰ পৰা বহিস্কাৰ কৰক শ্লোগান। ৰাইজৰ অভিযোগ জামুগুৰি আৰক্ষীৰ গৰুচোৰৰ লগত থকা মিতিৰালিৰ বাৱেই অঞ্চলটোত অবাধ গতিত চুৰি হৈছে গৰু৷ নিতৌ ৰাইজৰ গৰু চুৰি কৰি সন্ত্ৰাস চলাইছে দুষ্কৃতিকাৰীয়ে৷

তামাৰহাটৰ বাঘডোঘৰাতো গৰু চোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। কালাচানপাৰা গাঁৱৰ সুৰমান আলী নামৰ লোকজনৰ ঘৰৰ পৰা গৰু চুৰি কৰি লৈ যোৱাৰ সময়ত আটক কৰে স্থানীয় ৰাইজে। তাৰ পাছতেই স্থানীয় ৰাইজে চোৰ তিনিটাক উত্তম মাধ্যম শোধায়। গৰুচোৰ তিনিটা তামাৰহাটৰ মেচপাৰা গাঁৱৰ নবীন ৰায়, কালাচানপাৰা গাঁৱৰ নজৰুল শ্বেখ আৰু কুকিলাডাঙ্গা গাঁৱৰ মজিবৰ শ্বেখ। উত্তম মধ্যম শোধোৱাৰ পাছত স্থানীয় ৰাইজে তামাৰহাট থানাত খবৰ দিয়ে। ইয়াকে লৈ তীব্ৰ উত্তেজনা। আৰক্ষীয়ে আহি নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া গৰু চোৰৰ সন্ত্ৰাস। গৰু চুৰিক কেন্দ্ৰ কৰিয়েই ভিন্ন প্ৰান্তত সংঘটিত হৈছে হিংসাত্মক ঘটনা। গৰুচুৰি ৰোধত ব্যৰ্থ আৰক্ষী। তাৰেই পৰিণতিত এই প্ৰতিবাদ। উত্তপ্ত পৰিস্থিতি।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...