তিনিচুকীয়া সংঘটিত হ’ল গাৰ নোম শিঁয়ৰি উঠা এটা ঘটনা

তিনিচুকীয়া সংঘটিত হ’ল গাৰ নোম শিঁয়ৰি উঠা এটা ঘটনা। বিস্কুটৰ ফেক্টৰীত কাম কৰা সতীৰ্থক সুপৰিকল্পিতভাবে হত্যা কৰিলে ৫জনীয়া এটা দলে। দাৰে ঘপিয়াই হত্যা কৰি জ্বলাই দিলে মৃতদেহ। আৰক্ষীয়ে আটক কৰিলে হত্যাকাণ্ডত জড়িত ৫জনক। ইয়াৰে দুজন নাবালক। এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য তিনিচুকীয়াত। আৰক্ষীয়ে হত্যাকাৰীক লগত লৈ উদ্ধাৰ কৰিলে দা আৰু হত্যাকাণ্ডৰ সময়ত পৰিধান কৰি থকা কাপোৰ।

নাবালকে সংঘটিত কৰা এটা লোহৰ্ষক ঘটনা

১৫ এপ্ৰিলৰ পুৱা তিনিচুকীয়া চহৰৰ সমীৱৰ্তী কচুজানৰ শুকানপুখুৰী চাহ বাগিচাত অগ্নিদগ্ধ এটা মৃতদেহ উদ্ধাৰ হৈছিল। সেই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছিল চাঞ্চল্যৰ। মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল যদিও চিনাক্ত কৰিব পৰা নাছিল। পাছত সংবাদ মাধ্যমত খবৰ পাই স্পষ্ট হৈছিল পৰিয়াল।

মৃতদেহটো আছিল ৰাজ লাচিতৰ। তিনিচুকীয়াৰ পৰ্বতীয়াত থকা হ’ট অভেন নামৰ বেকাৰীত কাম কৰিছিল ৰাজ লাচিতে। ১৪ এপ্ৰিলত ফেক্টৰীটোত একেলগে কাম কৰা ককৰাতলীৰ গগৈ উপাধিৰ এজনৰ সৈতে বিহু খাবলৈ ওলাই গৈছিল। তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছিল ৰাজ লাচিত। পৰিয়াল তেতিয়াই কাষ চাপিছিল আৰক্ষীৰ।

২৬ এপ্ৰিলতহে নিশ্চিত হ’ল পৰিয়াল। আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ। ইয়াৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰিলে তদন্ত। অভিযান চলাই ঘটনাৰে জড়িত থকাৰ সন্দেহত ৫জন যুৱক-নাবালকক আটক কৰিলে আৰক্ষীয়ে।

৫জনে মিলি দাৰে ঘপিয়াই হত্যা কৰিছিল ৰাজ লাচিত
পাছত জ্বলাই দিছিল মৃতদেহ
কুঁৱাত পেলাই দিছিল দা আৰু পৰিধান কৰি থকা কাপোৰ

হত্যাৰ ৫ অভিযুক্তক লগত লৈ আৰক্ষীয়ে চলালে অভিযান। উদ্ধাৰ কৰিলে ৰাজ লাচিতক হত্যা কৰিবলৈ ব্যৱহাৰ কৰা দা আৰু সেই সময়ত হত্যাকাৰীয়ে পিন্ধি থকা কাপোৰ।

ফেক্টৰীৰ সহকৰ্মীয়ে ল’লে প্ৰতিশোধ
সু-পৰিকল্পিতভাবে হত্যা কৰিলে ৰাজ লাচিতক

এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য তিনিচুকীয়াত। নাবালকে সংঘটিত কৰা এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগেলগে উদ্বিগ্ন সচেতন ৰাইজৰ। সামাজিক ব্যৱস্থাৰ স্খলনৰ আন এখন ভয়ানক ছবি এই ঘটনাই আনিলে পোহৰলৈ।

NKTV Digital
Author: NKTV Digital

8 COMMENTS

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...