পূৰ্বে কাহানিও নেদেখা ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

৩য় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৮ দিন। মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কোকৰাঝাৰত কেইবাখনো জনসভাত অংশ ল’লে মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ দাবী শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত এইবাৰ জনতাই ভোট দিব মিত্ৰজোঁটৰ প্ৰাৰ্থীক। সভাত উপস্থিত ৰাইজৰ সৈতে একেলগে নাচিলে মুখ্যমন্ত্ৰীয়ে। প্ৰতিখন সভাতেই বাজি উঠিল আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ।

জুবিনে বৰষুণত গান গোৱা দেখিলে
এইবাৰ মুখ্যমন্ত্ৰীয়ে বৰষুণত নাছিলে

পূৰ্বে কাহানিও নেদেখা ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৰষুণত তিতি তিতি জুবিনে গান গোৱা শুনিলে। এইবাৰ বৰষুণত মুখ্যমন্ত্ৰীৰ ভাষণ শুনক। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত বিশাল বিজয় সংকল্প সমাৱেশ। মুখ্যমন্ত্ৰীৰ মুখত চাকৰি-ৰেচন-অৰুণোদয়ৰ কথা। মুখ্যমন্ত্ৰীয়ে আশ্বাস দিলে কোকৰাঝাৰৰ জনতাক। চিন্তাৰ কাৰণ নাই দিল্লীত মোদী, দিছপুৰত মামা, বি টি আৰত আছে প্ৰমোদ বড়ো।

আকৌ সকলোকে সন্মুখলৈ মাতিলে মুখ্যমন্ত্ৰীয়ে লগাই দিয়ক আকৌ এবাৰ মোদী চৰকাৰ

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ নেতা-ভোটাৰৰ উতসুকতাৰ অন্ত নাই। দলীয় প্ৰাৰ্থীক জয়ী কৰোৱাবলৈ ফিল্ডত নামিছে হাই প্ৰফাইল নেতা। দিন-ৰাতি একাকাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো।

৩য় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৮ দিন
কোকৰাঝাৰত মাৰাথন নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ

মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমে চিৰাঙৰ কাজলগাঁৱত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা। তাৰ পাছতে বাওখুংগ্ৰী আৰু পৰ্বতঝোৰাৰ প্ৰচাৰ সভাত অংশ ল’লে মুখ্যমন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰীৰ অন্তিমখন নিৰ্বাচনী প্ৰচাৰ গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত। প্ৰতিখন সভাতেই ৰাইজৰ বিপুল সঁহাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। ১নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিলে জনতাক। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী অশোক সিংঘাল, ৰঞ্জিত দাস, ইউ জি ব্ৰহ্ম, বিধায়ক অজয় ৰায়, ভাষ্কৰ শৰ্মাসহ কেবাজনো নেতা উপস্থিত থাকে।

নাচি-বাগি প্ৰচাৰ মুখ্যমন্ত্ৰীৰ, নাচিলে ৰাইজেও

সমালোচনা মুখ্যমন্ত্ৰীৰ…
বি পি এফৰ দাম নাই
নাঙলৰ কাম নাই

সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে কলে বি টি আৰৰ বিকাশৰ বাবে এইবাৰ ৰাইজে ভোট দিব মিত্ৰজোঁটৰ প্ৰাৰ্থীক। সংখ্যালঘু ৰাইজৰ সমৰ্থন সন্দৰ্ভত কৰা প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে ক’লে

অসমত এতিয়া সংখ্যালঘু, সংখ্যাগুৰু বুলি কথা নাই
আকৌ এবাৰ মোদী চৰকাৰ গীতত সংখ্যালঘু মহিলায়ো নাচিছে

প্ৰতিখন সভাত নাচ-গানেৰে অংশ ল’লে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ দাবী ইউ পি পি এল আৰু বিজেপিয়ে শান্তি প্ৰতিষ্ঠা কৰিছে বি টি আৰত। এতিয়া বি টি আৰত কোনেও বন্দুক দেখুৱাই ভোট নোখোজে। ভোট খোজে হাতযোৰ কৰি। সেয়ে শান্তি প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত বি টি আৰৰ জনতাক মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়াৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...