কানাডালৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানলৈ ভাবুকি শিখ উগ্ৰপন্থীৰ

১৯৮৫ চনত কানাডাত আশ্রয় লৈ থকা খালিস্তানী উগ্রপন্থীয়ে মাজআকাশত বিস্ফোৰণেৰে উৰুৱাই দিছিল এয়াৰ ইণ্ডিয়াৰ বিমান কনিষ্কক। সেই ঘটনাত প্রাণ হেৰুৱাইছিল ৩২৯গৰাকী নিৰীহ লোকে। এইবাৰ পুনৰ এয়াৰ ইণ্ডিয়া বিমানলৈ আহিছে ভাবুকি।

‘১৯ নৱেম্বৰৰ পাছত এয়াৰ ইণ্ডিয়াৰ বিমানত নুঠিব’

‘আপোনাৰ জীৱন বিপদাপন্ন হ’ব’

কানাডালৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানলৈ ভাবুকি শিখ উগ্ৰপন্থীৰ

ভাবুকি SIKHS FOR JUSTICE সংগঠনৰ গুৰপাতৱাণ্ট সিং পান্নুৰ

বিশ্বজুৰি এয়াৰ ইণ্ডিয়াক বৰ্জন কৰিবলৈ ভিডিঅ’যোগে ভাবুকি

ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্ক এতিয়া শোচনীয়। কানাডাত শিখ সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰক অচিনাক্ত আততায়ী গুলীয়াই হত্যা কৰাৰ ঘটনাত ভাৰতৰ হাত আছে বুলি অভিযোগ আনিছিল কানাডাই। কানাডা অভিযোগক লৈ তিক্ত হৈ পৰে ভাৰতৰে দেশখনৰ সম্পৰ্ক। উভয় দেশে দুয়ো দেশৰ পৰা প্রত্যাহাৰ কৰিছিল কূটনীতিবিদ। ভাৰতে আনকি কানাডাৰ পৰা কূটনীতিবিদ প্রত্যাহাৰ কৰাৰ ক্ষেত্রত আমেৰিকা, ইংলেণ্ড আদিৰ দেশৰ অভিযোগো নস্যাৎ কৰিছিল। ইয়াৰ মাজতে কানাডা চৰকাৰক অস্বস্তিত পেলাই এইবাৰ শিখ সন্ত্ৰাসবাদীয়ে ভিডিঅ’যোগে দিলে ভাবুকি দিলে এয়াৰ ইণ্ডিয়াক।       

SIKHS FOR JUSTICEৰ নেতা পান্নুৰ মতে এয়া ভাবুকি নহয়

ভাৰতীয় ব্যৱসায় বৰ্জনৰহে আহ্বান সংগঠনটোৰ

কানাডাত আছে প্রায় ৭,৭০,০০০ শিখ লোক

কানাডাৰ জনসংখ্যাৰ প্রায় ২ শতাংশ হৈছে শিখ লোক

ইফালে সংগঠনটোৰ ভাবুকিক গুৰুত্বসহকাৰে লোৱা বুলি ঘোষণা কৰিছে কানাডা চৰকাৰে। কানাডাৰ বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ বিমানৰ বাবে অতিৰিক্ত নিৰাপত্তা বাহিনী নিয়োগ কৰা হৈছে। এয়াৰ ইণ্ডিয়াৰ বিমান নতুন দিল্লীৰ পৰা ভেংকুভাৰ আৰু অটোৱালৈ বিমান চলাচল কৰে। পূৰ্বে ভাৰতীয় বিমানত কানাডাত থকা শিখ সন্ত্ৰাসবাদীয়ে আক্রমণ চলোৱাৰ ভয়ংকৰ উদাহৰণ ইতিপূৰ্বে আছে।

১৯৮৫ৰ ২৩ জুনত এয়াৰ ইণ্ডিয়াৰ বিমানত বিস্ফোৰণ ঘটাইছিল সন্ত্ৰাসবাদীয়ে

কনিষ্ক নামৰ বিমানখন মাজআকাশত বিস্ফোৰণেৰে উৰুৱাই দিছিল খালিস্তানী গোটে

সেই ঘটনাত নিহত হৈছিল পাইলটসহ ৩২৯গৰাকী যাত্ৰীৰ সকলো

সেই দিনটো কানাডাই পালন কৰে সন্ত্ৰাসত আক্রান্তসকলক সোঁৱৰণৰ বাবে

জুনত খালিস্তানীয়ে উলিয়াইছিল ঘটনাৰ মাষ্টাৰ মাইণ্ড তলৱিন্দৰ সিং পাৰমাৰ সোঁৱৰণত ৰেলী

এই পৰিপ্রেক্ষিতত কানাডাৰ পৰিবহণ মন্ত্ৰী পাব্লু ৰড্রিগুৱেজে জনোৱা মতে এইক্ষেত্রত বিহিত ব্যৱস্থা ল’ব কানাডা চৰকাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...