বাটলাৰৰ শতকটো নিশ্চিতভাৱে মই দেখা শীৰ্ষ পাঁচটা শ্ৰেষ্ঠ ইনিংছৰ অন্যতম: ৰভমেন পাৱেল

টি-২০ ক্ৰিকেটত এতিয়ালৈকে আমি বহু স্মৰণীয় ইনিংছ দেখাৰ সৌভাগ্য হৈছে৷ কিন্তু ইডেন গাৰ্ডেনত জ’ছ বাটলাৰে যি শতকীয় ইনিংছ খেলিলে সেয়া মই দেখা টি-২০ ইনিংছৰ ভিতৰত এটা অন্যতম৷ ক্ৰিছ গেইলেও কেৰিয়াৰত কেবাটাও কল্পনাতীত শতক অৰ্জন কৰা দেখিছো৷ কিন্তু মই দৃঢ়তাৰে কব বিচাৰো বাটলাৰৰ কে কে আৰৰ বিৰুদ্ধে খেলা এইটো ইনিংছ নিশ্চিতভাৱে বিশ্বৰ শীৰ্ষ পাঁচটাৰ ভিতৰত থাকিব৷’ এই মন্তব্য ৰাজস্থান ৰয়েলছৰ কেৰিবিয়ান তাৰকা ৰভমেন পাৱেলৰ৷

উল্লেখ্য যে যোৱানিশা কলকাতাৰ ইডেন গাৰ্ডেনত হোৱা এখন উত্তেজনাপূৰ্ণ মেচত ৰাজস্থান ৰয়েলছে দুই উইকেটত কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰি সাতখন মেচ খেলাৰ অন্তত ১২ পইণ্ট সংগ্ৰহৰে নিজৰ শীৰ্ষস্থান অক্ষুন্ন ৰাখিছে৷ মেচখনত কে কে আৰে দিয়া ২২৪ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৰয়েলছে অভিলেখ গঢ়ি জয় অৰ্জন কৰিবলৈ সক্ষম হয়৷ দলৰ এই অনন্য গৌৰৱময় বিজয়ৰ নায়ক হ’ল ইংলণ্ডৰ তাৰকা তথা ৰয়েলছৰ অপেনাৰ জ’ছ বাটলাৰৰ অপৰাজিত ১০৭ ৰানৰ বিস্ময়কৰ ইনিংছটো৷

মাত্ৰ ৬০ টা বলত অপৰাজিত ১০৭ ৰান কৰা বাটলাৰৰ ভৰিত আঘাতৰ সমস্যা আছিল বুলিও মেচৰ অন্তত সংবাদমেলত প্ৰকাশ কৰে পাৱেলে৷ ‘যোৱা মেচত আঘাতৰ বাবে বাটলাৰক মুল একাদশৰ পৰা আঁতৰাই ৰখা হৈছিল৷ কিন্তু আৰ আৰৰ ছাপৰ্ট ষ্টাফ আৰু ফিজিঅ’ই তেওঁৰ লগত দীৰ্ঘ সময় কাম কৰিছিল৷ বাটলাৰৰ এই প্ৰত্যাৱৰ্তন সচাই অতুলনীয়৷ ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটত দেখা পোৱা অন্যতম উন্নত ইনিংছ আছিল এই ইনিংছ৷’ ৰয়েলছৰ অলৰাউণ্ডাৰ তথা ৱেষ্ট ইণ্ডিজৰ অধিনায়কগৰাকীয়ে লগতে ব্যক্ত কৰে৷

উল্লেখ্য যে মেচখনত ৰাজস্থানে ছটা উইকেট হেৰুৱাই শেলথেকত পৰাৰ সময়তে বাটলাৰৰ লগত গুৰুত্বপূৰ্ণ ৫৭ ৰানৰ যুটি বান্ধি কে কে আৰৰ হাতৰ পৰা মেচ নিজৰ আয়ত্বলৈ অনাত পাৱেলেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সুনীল নাৰায়নৰ বিৰুদ্ধে তেওঁৰ ডাঙৰ হিটসমূহে ৰয়েলছৰ বাবে অসম্ভৱ জয়ৰ আশা জগাই তুলিছিল৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...