শীতকালীন প্ৰব্ৰজনৰ বাবে মেক্সিকোলৈ আহিছে লাখ লাখ পখিলা

পখিলাৰ দৰে ক্ষুদ্ৰ পতংগয়ো যে প্ৰব্ৰজন কৰে এইটো নিশ্চয় আচৰিত কথা। হয়, সকলো পখিলাই প্ৰব্ৰজন নকৰে, কেৱল মনাৰ্ক নামৰ পখিলা বিধেহে প্ৰব্ৰজন কৰে৷ উত্তৰ আমেৰিকাত পোৱা মনাৰ্ক নামৰ পখিলাৰ প্ৰজাতিবিধে প্ৰতিবছৰে জাৰকালি হোৱাৰ লগে লগে উত্তৰ আমেৰিকাৰ পৰা প্ৰায় তিনিহাজাৰ মাইল অতিক্ৰম কৰি মেক্সিকোলৈ প্ৰব্ৰজন কৰে৷ আন প্ৰজাতিৰ পখিলাৰ দৰে এইবিধ পখিলাই ঠাণ্ডাত লেটা বা পলু হৈ জীয়াই থাকিব নোৱাৰে বাবেই এই প্ৰব্ৰজন কৰে। বতাহৰ সোঁত আৰু উষ্ণতাৰ পৰিমাণে এই পখিলাবিধক ইমান দীঘলীয়া পথ অতিক্ৰম কৰাত সহায় কৰে। এদিনত প্ৰায় ৫০-১০০ মাইল দূৰত্ব অতিক্ৰম কৰিব পাৰে এই পখিলাবিধে৷ প্ৰতিবছৰে অক্টোবৰ মাহত লাখ লাখ  সংখ্যক পখিলাই মেক্সিকোলৈ প্ৰব্ৰজন ঘটে।

আচৰিত কথা এয়ে যে প্ৰব্ৰজন আৰম্ভ কৰা কোনো পখিলা গৈ মেক্সিকো নাপায়গৈ, যাত্ৰা পথতে মৃত্যু ঘটে। দুটা বা তিনিটা প্ৰজন্মৰ পিছৰ পখিলাইহে মেক্সিকোত উপস্থিত হয়গৈ। মেক্সিকোৰ অৰণ্যৰ এই দৃষ্টিনন্দন পখিলাবোৰ চাবলৈ হাজাৰ হাজাৰ পৰ্যটকৰ আগমন ঘটে। আমোদজনক কথাটো হ’ল পখিলাৰ গোটসমূহক ক্যেলাইড’স্কপ বুলি কোৱা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...