আয়োজন চলিছিলহে…বিবাহ ভৱনৰ পৰাই গ্ৰেপ্তাৰ হ’ল দৰা

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা। আৰক্ষী থানাৰ সমীপতে শিশু বিবাহৰ ঘটনা। ফটাশিল থানাৰ সমীপৰ বিশাল বিবাহ ভৱনত সংঘটিত হয় এই ঘটনা। মনীষ গুপ্তা নামৰ এজন যুৱকে বিবাহ ভৱনত পাতিছিল বিবাহ। ধীৰেনপাৰাৰ ইটাভাতাত ঘৰ আছিল যুৱকজনৰ। বৃহস্পতিবাৰে বিবাহ ভৱনত বিবাহ চলি থকা সময়ত উপস্থিত হয় আৰক্ষী। তাৰ পাছতে বিবাহ ভৱনৰ পৰাই গ্ৰেপ্তাৰ কৰে দৰা মনীষ গুপ্তাক। ঘটনা সন্দৰ্ভত 09/25ত গোচৰ ৰুজু ফটাশিল থানাত। সম্প্ৰতি ফটাশিল আৰক্ষী থানাৰ লকআপত দৰা মনীষ গুপ্তা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...