ক্ৰিকেটাৰ ৰিংকু সিঙৰ বিয়া, কইনা কোন?

ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিঙৰ খেল আপুনি নিশ্চয় উপভোগ কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত খবৰ অনুসৰি সমাজবাদী পাৰ্টিৰ সংসদ প্ৰিয়া সৰোজৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। দুয়োজনে শেহতীয়াকৈ এংগেজমেণ্ট অনুষ্ঠানো সম্পন্ন কৰিছে আৰু বাগদানৰ পিছত অচিৰে বিবাহপাশত আবদ্ধ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই। উত্তৰ প্ৰদেশৰ মাচালি চহৰৰ সমাজবাদী পাৰ্টীৰ সাংসদ প্ৰিয়া সৰোজ ৩বাৰৰ সাংসদ তথা বৰ্তমানৰ বিধায়ক তুফানী সৰোজৰ কন্যা। ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে ওকালতিও কৰিছিল।
২০২৪ চনত প্ৰিয়াই বিজেপিৰ প্ৰাৰ্থী বি পি সৰোজক ৩৫,৮৫০টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰলৈ লোকসভা নিৰ্বাচনত জয়লাভ কৰি সংসদৰ নিম্ন সদনলৈ নিৰ্বাচিত হোৱা দ্বিতীয় সৰ্বনিম্ন প্ৰাৰ্থী হিচাপে পৰিগণিত হৈছিল। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু নয়দাৰ এমিটি বিশ্ববিদ্যালয়ৰ পৰা এল এল বি ডিগ্ৰী লাভ কৰিছিল।
ইফালে পৰিৱৰ্ত খেলুৱৈ হিচাপে ভাৰতৰ টি-২০ বিশ্বকাপ বিজয়ী দলৰ অংশ আছিল ৰিংকু সিং। ৰাষ্ট্ৰীয় দলৰ হৈ নিয়মীয়াকৈ খেলা নাছিল যদিও ২২ জানুৱাৰীৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাত ৰিংকুক অন্তৰ্ভুক্ত কৰা হৈছে।

Popular

More like this
Related

অসমৰ যুৱতী সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বিপদত ইউটিউবাৰ

অসমৰ যুৱতী সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বিপদত মুম্বাইৰ ছ’চিয়েল...

ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৫১জন

বাছ দুৰ্ঘটনাত পতিত হৈ মৃত্যু ৫১গৰাকীৰ। দলঙৰ ৰেলিঙত খুন্দা...

ফেচবুকত গাড়ী ভাড়ালৈ দিয়াৰ বিজ্ঞাপন দি বিপদত গাড়ীৰ গৰাকী

ফেচবুকত গাড়ী ভাড়ালৈ দিয়াৰ বিজ্ঞাপন দি বিপদত গাড়ীৰ গৰাকী।...

তিনিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ফ্ৰান্সত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।...