মনু, গুকেশৰ পৰা নিতু-অন্নু-জ্যোতিলৈ…ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে দেশৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা

এখন অলিম্পিকতে দুটাকৈ পদক জয়ী একমাত্ৰ ভাৰতীয় তথা শ্বুটাৰ মনু ভাকৰে আজি গ্ৰহণ কৰিলে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা।

দবাৰ বিশ্ব চেম্পিয়নেৰে দেশক গৌৰৱান্বিত কৰা ডি গুকেশে শুকুৰবাৰে নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা। দেশৰ হকীৰ মানচিত্ৰক নতুন দিগন্ত প্ৰদান কৰা পুৰুষ হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙে আজি গ্ৰহণ কৰিলে মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা।

চতুৰ্থগৰাকী মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা জয়ী পেৰালিম্পিকৰ স্বৰ্ণ জয়ী এথলীট প্ৰবীন কুমাৰকো আজি সন্মানিত কৰা হয়।

এই ৪গৰাকী খেল ৰত্ন বঁটা জয়ীৰ লগতে আন ৩২গৰাকী খেলুৱৈক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়, ইয়াৰ ভিতৰত আছে অভিলেখসংখ্যক ১৭গৰাকী পেৰা-এথলীট। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২০২৪ চনৰ ক্ৰীড়া আৰু দুঃসাহসিক বঁটাসমূহ প্ৰদান কৰে। বঁটাসমূহৰ ভিতৰত আছে-

➡️ মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা-২০২৪
➡️ দ্ৰোনাচাৰ্য বঁটা-২০২৪; অৰ্জুন বঁটা-২০২৪
➡️ টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা-২০২৩
➡️ ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ-২০২৪
➡️ মৌলানা আবুল কালাম আজাদ ট্ৰফী-২০২৪

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ...

বাংলাদেশলৈ ২০০টা ৰে’লৰ ডবা যোগান ধৰিব ভাৰতে; প্ৰথম ১৮টা প্ৰেৰণ

ভাৰত আৰু বাংলাদেশৰ মাজত ৰে’ল যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ...

মহানগৰী গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ ২ চিলনী চোৰ

গুৱাহাটী মহানগৰীত আৰক্ষীৰ গুলীত আহত হৈছে দুই অভিযুক্ত চিলনী...