IPLৰ পূৰ্বে ৰাজ্যত ফুটবল জ্বৰ, ঘূৰি আহিছে ফুটবলৰ সোণালী দিন!

দেশজুৰি IPLক লৈ চৰ্চাৰ মাজতে অসমত ক্ৰিকেটৰ সমান্তৰালভাবে আৰম্ভ হৈছে ফুটবল জ্বৰ। ঐতিহ্যমণ্ডিত বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰথমবাৰলৈ জজ ফিল্ডৰ লগতে কামৰূপৰ কৰৰা মিনি ষ্টেডিয়াম, চিপাঝাৰ আৰু চিৰাং জিলাত একেলগে অনুষ্ঠিত হব মেচ। ৬৮ সংখ্যক এই প্ৰতিযোগিতাৰ খেলসমূহ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ সহযোগত কৰৰা য়ুথ এথলেটিক ক্লাব আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ  উদ্যোগত কৰৰাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৪টা দলে। আছাম ৰাইফলছ শ্বিলং, আছাম পুলিচ ব্লু ,দৈমালো ক্লাব ওদালগুৰি আৰু দিল্লী FC দলে অংশগ্ৰহণ কৰে। কৰৰা মিনি ষ্টেডিয়ামত অনুষ্ঠিত তীব্ৰ উত্তেজনাময় তথা ৰোমাঞ্চকৰ খেলখন অনুষ্ঠিত হয় আচম ৰাইফলছ  শ্বিলং আৰু দৈমালু ক্লাব ওদালগুৰি ফুটবল দলৰ মাজত। নিৰ্ধাৰণ সময়ত গলশূন্যভাবে ড্ৰ হয় এই খেলখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা...

সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল...

এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি...

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...