দুবছৰীয়া কণমানিৰ ডিঙিৰে গুলী ওলাই গৈ ওলমি ৰ’ল মাতৃৰ ডিঙিত, বনৰক্ষীৰ গুলীত থকাসৰকা মাতৃ-পুত্ৰ

হাতী খেদিবলৈ বনৰক্ষীয়ে কৰা গুলীচালনাত দুবছৰীয়া দেৱশিশুৰ কৰুণ মৃত্যু, এতিয়াও হাস্পতালত জীৱন-মৃত্যুৰ যুঁজ মাতৃৰ। এই ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি। শুকুৰবাৰে আবেলি হাতী খেদিবলৈ বনৰক্ষীয়ে গুলীচালনা কৰাত এটি দুবছৰীয়া দেৱশিশুৰ মৃত্যুৰ ঘটনা ঘটিছে দক্ষিণ কামৰূপৰ বকোত। আবেলি সময়ত অঞ্চলটোত এজাক বনৰীয়া হাতীয়ে প্ৰৱেশ কৰাৰ খবৰ পাই বনৰক্ষীৰ দল উপস্থিত হৈছিল। প্ৰথমে চিঞৰ-বাখৰ কৰি হাতী খেদাবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হোৱাত উপস্থিত বন বিষয়াই গুলী চলাবলৈ নিৰ্দেশ দিয়ে। সেই সময়ত নিকটৱৰ্তী অঞ্চলৰ বহু লোকে জুম বান্ধি হাতী খেদাৰ দৃশ্য চাই আছিল।

বনৰক্ষীয়ে গুলীচালনা কৰাত এটা গুলীয়ে মাকৰ কোলাত থকা দুবছৰীয়া কণমানিৰ ডিঙিত আঘাত কৰে। কণমানিটিৰ ডিঙিৰে গুলীটো ওলাই গৈ মাতৃৰ ডিঙিত সোমাই ৰৈ যায়। গুলীৰ আঘাতত কণমানিটিৰ ক্ষন্তেক পিছতে মৃত্যু হয়। নিহত শিশুটিৰ নাম আৰ্বি দৈমাৰী, দুবছৰীয়া শিশুটিৰ মাতৃৰ নাম মালবিকা দৈমাৰী। গুলীবিদ্ধ মালবিকাক সংকটজনক অৱস্থাত বকো হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাক লৈ আজিও অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে। বন বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱ হ্ৰাস কৰিব নোৱাৰাৰ লগতে মাতৃ-পুত্ৰৰ সৈতে হোৱা অনাহূত পৰিস্থিতিত জাঙুৰ খাই উঠিছে অঞ্চলটোৰ ৰাইজ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...