দুবছৰীয়া কণমানিৰ ডিঙিৰে গুলী ওলাই গৈ ওলমি ৰ’ল মাতৃৰ ডিঙিত, বনৰক্ষীৰ গুলীত থকাসৰকা মাতৃ-পুত্ৰ

হাতী খেদিবলৈ বনৰক্ষীয়ে কৰা গুলীচালনাত দুবছৰীয়া দেৱশিশুৰ কৰুণ মৃত্যু, এতিয়াও হাস্পতালত জীৱন-মৃত্যুৰ যুঁজ মাতৃৰ। এই ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি। শুকুৰবাৰে আবেলি হাতী খেদিবলৈ বনৰক্ষীয়ে গুলীচালনা কৰাত এটি দুবছৰীয়া দেৱশিশুৰ মৃত্যুৰ ঘটনা ঘটিছে দক্ষিণ কামৰূপৰ বকোত। আবেলি সময়ত অঞ্চলটোত এজাক বনৰীয়া হাতীয়ে প্ৰৱেশ কৰাৰ খবৰ পাই বনৰক্ষীৰ দল উপস্থিত হৈছিল। প্ৰথমে চিঞৰ-বাখৰ কৰি হাতী খেদাবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হোৱাত উপস্থিত বন বিষয়াই গুলী চলাবলৈ নিৰ্দেশ দিয়ে। সেই সময়ত নিকটৱৰ্তী অঞ্চলৰ বহু লোকে জুম বান্ধি হাতী খেদাৰ দৃশ্য চাই আছিল।

বনৰক্ষীয়ে গুলীচালনা কৰাত এটা গুলীয়ে মাকৰ কোলাত থকা দুবছৰীয়া কণমানিৰ ডিঙিত আঘাত কৰে। কণমানিটিৰ ডিঙিৰে গুলীটো ওলাই গৈ মাতৃৰ ডিঙিত সোমাই ৰৈ যায়। গুলীৰ আঘাতত কণমানিটিৰ ক্ষন্তেক পিছতে মৃত্যু হয়। নিহত শিশুটিৰ নাম আৰ্বি দৈমাৰী, দুবছৰীয়া শিশুটিৰ মাতৃৰ নাম মালবিকা দৈমাৰী। গুলীবিদ্ধ মালবিকাক সংকটজনক অৱস্থাত বকো হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাক লৈ আজিও অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে। বন বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱ হ্ৰাস কৰিব নোৱাৰাৰ লগতে মাতৃ-পুত্ৰৰ সৈতে হোৱা অনাহূত পৰিস্থিতিত জাঙুৰ খাই উঠিছে অঞ্চলটোৰ ৰাইজ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইতিহাস গঢ়িলে শুভমন গিলে, পঞ্চমবাৰৰ বাবে লাভ কৰিলে ICCৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টেষ্ট অধিনায়ক শুভমন গিলে...

অসমৰ ৩০ শতাংশ শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত পাঠ বুজি নাপায়, শিক্ষকৰ পাঠদানক লৈ মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সেৱা সংকল্প...