ব্লেকলিষ্টেড কোম্পানীক নিবিদা প্ৰদানৰ বিৰোধিতা, উত্তাল আমগুৰি

ব্লেকলিষ্টেড তৈল খনন কোম্পানীক নিবিদা প্ৰদানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই। শিৱসাগৰ জিলাৰ আমগুৰিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। জন এনাৰ্জী নামৰ বহুজাতিক তৈলখনন কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ। সাংসদ ৰামেশ্বৰ তেলীকো তীব্ৰ সমালোচনা কৰে সংগঠনটোৱে। কমিচনৰ অংকৰে ব্লেকলিষ্টেড কোম্পানীক নিবিদা প্ৰদান কৰাৰ অভিযোগ। জন এনাৰ্জীৰ নিবিদা বাতিল নকৰিলে অইল ইণ্ডিয়া বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই। ইয়াৰ লগতে শীঘ্ৰেই বাঘজানকাণ্ডত ক্ষতিগ্ৰস্তসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰো দাবী সংগঠনটোৰ। তিনিচুকীয়া জিলাৰ বাঘজানৰ তৈলখাদত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত কেইবাজনো লোকৰ হতাহতৰ লগতে স্থানীয় ৰাইজৰ সা-সম্পত্তিৰ বৃহৎ ক্ষয় ক্ষতি হৈছিল। ক্ষতিগ্ৰস্ত ৰাইজক উপযুক্ত ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগতে সেই সময়ত তৈল খননৰ দায়িত্বত থকা জন এনাৰ্জী নামৰ বহুজাতিক তৈল খনন কোম্পানীটোক ব্লেকলিষ্টেড কৰাৰ পাছতো পুনৰ নিবিদা প্ৰদান কৰাত ক্ষোভ উজাৰিছে সংগঠনটোৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সাংবাদিকৰ পেঞ্চন দুগুণলৈ বৃদ্ধি, ৫ লাখ টকাৰ স্বাস্থ্য বীমা: পশ্চিমবংগত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ডাঙৰ ঘোষণা

পশ্চিমবংগৰ সাংবাদিকসকলৰ বাবে ডাঙৰ সকাহৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শুভেন্দু...

প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ দেশসমূহৰ সৈতে অংশীদাৰিত্ব অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি ভাৰতৰ

ভাৰতে প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ দেশসমূহৰ সৈতে ইয়াৰ অংশীদাৰিত্ব অধিক...

নেপালৰ দুৰ্যোগত সাহায্যৰ বাবে ৫০জনীয়া দলসহ যাবলৈ সাজু মৌলানা বদৰুদ্দিন আজমল

চুবুৰীয়া ৰাষ্ট্ৰ নেপালত সৃষ্টি হোৱা ভয়াৱহ দুৰ্যোগপূৰ্ণ পৰিস্থিতিক লৈ...

উৎসৱৰ বতৰত বাঢ়িব নোৱাৰিব পিয়াঁজৰ দাম: বজাৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে আৰম্ভ কৰিলে বিশেষ অভিযান

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু বজাৰত যোগান সহজলভ্য কৰি ৰখাৰ উদ্দেশ্যে...