ব্লেকলিষ্টেড কোম্পানীক নিবিদা প্ৰদানৰ বিৰোধিতা, উত্তাল আমগুৰি

ব্লেকলিষ্টেড তৈল খনন কোম্পানীক নিবিদা প্ৰদানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই। শিৱসাগৰ জিলাৰ আমগুৰিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। জন এনাৰ্জী নামৰ বহুজাতিক তৈলখনন কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ। সাংসদ ৰামেশ্বৰ তেলীকো তীব্ৰ সমালোচনা কৰে সংগঠনটোৱে। কমিচনৰ অংকৰে ব্লেকলিষ্টেড কোম্পানীক নিবিদা প্ৰদান কৰাৰ অভিযোগ। জন এনাৰ্জীৰ নিবিদা বাতিল নকৰিলে অইল ইণ্ডিয়া বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই। ইয়াৰ লগতে শীঘ্ৰেই বাঘজানকাণ্ডত ক্ষতিগ্ৰস্তসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰো দাবী সংগঠনটোৰ। তিনিচুকীয়া জিলাৰ বাঘজানৰ তৈলখাদত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত কেইবাজনো লোকৰ হতাহতৰ লগতে স্থানীয় ৰাইজৰ সা-সম্পত্তিৰ বৃহৎ ক্ষয় ক্ষতি হৈছিল। ক্ষতিগ্ৰস্ত ৰাইজক উপযুক্ত ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগতে সেই সময়ত তৈল খননৰ দায়িত্বত থকা জন এনাৰ্জী নামৰ বহুজাতিক তৈল খনন কোম্পানীটোক ব্লেকলিষ্টেড কৰাৰ পাছতো পুনৰ নিবিদা প্ৰদান কৰাত ক্ষোভ উজাৰিছে সংগঠনটোৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...