বিহুৰ সামগ্ৰীৰে দীঘলীপুখুৰীত ‘ঋতম্ভৰা বহাগী উৎসৱ মেলা’

গুৱাহাটী, ২৭ মাৰ্চ : ৰঙালী বিহুৰ প্ৰাকক্ষণত ঋতম্ভৰা গোষ্ঠীৰ উদ্যোগত বুধবাৰৰ পৰা আৰম্ভ হৈছে ব’হাগী উৎসৱ মেলা। দীঘলীপুখুৰীৰ বিপৰীতে থকা সিদ্ধিনাথ শৰ্মা ভৱনত মেলাখন উদ্বোধন কৰে ‘অসম সৌৰভ’ তথা আন্তৰ্জাতিক লনবল খেলুৱৈ নয়নমনি শইকীয়া আৰু ডo অক্ষতা নাৰায়নে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভালেসংখ্যক শিক্ষিত উদ্যোগী মহিলাই অংশগ্ৰহণ কৰিছে মেলাখনত । এই মেলাত বিভিন্ন ধৰণৰ কাপোৰ , মেখেলা চাদৰ, অসমীয়া গহনা, খাদ্য-সামগ্ৰী উপলব্ধ হৈছে । গৃহসজ্জা, পুষ্প সজ্জা, মহিলাৰ বাবে আৱশ্যকীয় বিভিন্ন সামগ্ৰীও প্ৰদৰ্শিত হৈছে মেলাখনত। অহা ২৯ মাৰ্চলৈ দীঘলীপুখুৰীৰ সন্মুখৰ সিদ্ধিনাথ শৰ্মা ভৱনত অনুষ্ঠিত হব এই মেলা । মেলাখনে মহিলা উদ্যোগীক এখন মঞ্চ দিয়া বুলি সন্তুষ্টি প্ৰকাশ কৰে। নয়নমনি শইকীয়াৰ লগতে প্ৰাগ নিউজৰ গ্ৰুপ প্ৰেছিডেণ্ট ড.অক্ষতা নাৰায়নে। মেলাত বিভিন্ন সামগ্ৰী সুলভ মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। ঋতম্ভৰা গোষ্ঠীৰ হৈ বুবি তালুকদাৰে আদৰণি ভাষণ দিয়ে। অনুষ্ঠানত নয়ণমনি শইকীয়াক এছিয়ান লনবল প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...