অৰুণাচলত তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ

অৰুণাচলৰ অপ্ৰতিৰুদ্ধ বিজেপি। নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে পুনৰ অৰুণাচলত তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ গঠন। যোৱা ১৯ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ লগতে অনুষ্ঠিত হৈছিল অৰুণাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচন। অৰুণাচল প্ৰদেশত বিধানসভা আসনৰ সংখ্যা ৬০খন যদিও বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় বিজেপিৰ ১০ জনকৈ প্ৰাৰ্থীয়ে। মুখ্যমন্ত্ৰী পেমা খাণ্ডু, উপমুখ্যমন্ত্ৰী চাওনামিনসহ ১০গৰাকী প্ৰাৰ্থী নিৰ্বাচনৰ পূৰ্বেই বিনাপ্ৰতিদ্বন্বিতাৰে জয়ী হয়। বাকী ৫০ খন আসনত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটগণনা দেওবাৰে অনুষ্ঠিত হয়। বিধানসভাৰ মুঠ ৬০খন আসনৰ ভিতৰত ৪৬ খন আসনত জয়লাভ কৰি বিজেপিয়ে ৰাজ্যখনত পুনৰ ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰে। ইয়াৰ লগে লগে ৩য় বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত অধিস্থিত হোৱাৰ পথ প্ৰশস্ত হৈ পৰে পেমা খাণ্ডুৰ বাবে। দেওবাৰে ঘোষিত ফলাফল অনুসৰি অৰুণাচলত মাত্ৰ ১খন আসনতে সন্তুষ্ট থাকিব কংগ্ৰেছ। NCPয়ে ৩ খন, NPP ৫খন আৰু PPAৰ দুখন আসনত জয় লাভ। অৰুণাচলত ৩খন আসনত জয় লাভ নিৰ্দলীয় প্ৰাৰ্থীৰ। বিগত নিৰ্বাচনতকৈ এইবাৰ অৰুণাচলত বৃদ্ধি পালে বিজেপিৰ ৫খন আসন। উল্লেখ্য যে ২০১৯ৰ নিৰ্বাচনত বিজেপিয়ে ৪১খন আসনত জয়লাভ কৰাৰ লগতে ৩খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছিল। বিপুল সংখ্যক ভোটেৰে পুনৰ বিজেপিক জয় কৰোৱাৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ। ঐতিহাসিক জয়ৰ বাবে অৰুণাচলবাসীক কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...