ঢকুৱাখনাত ‍বিজেপি নেতাৰ শিহৰণকাৰী হত্যা

শীতল মস্তিস্কৰে হত্যা কৰি জ্বলাই দিলে মৃতদেহ
ঘৰৰ সমীপৰে চোমনিত উদ্ধাৰ মুণ্ডহীন অৰ্ধদগ্ধ মৃতদেহ
জলজীৱনৰ দুৰ্নীতিৰ বিৰুদ্ধাচৰণেই কাল হ’ল নেকি বিজেপি নেতা সুনীল গগৈৰ?

সন্দেহৰ আঙুলি PHEৰ ঘোচখোৰ অভিযন্তা জয়ন্ত গোস্বামীলৈ
ঢকুৱাখনাত সংঘটিত এক কল্পনাতীত লোমহৰ্ষক ঘটনাই জোকাৰি গৈছে সকলোৰে মন মগজু। শনিবাৰে নিশা সাপতীয়া চেতিয়া গাঁৱত দুৰ্বৃত্তই অতি নৃশংসভাৱে হত্যা কৰিলে বিজেপি নেতা সুনীল গগৈক।
ৰহস্যজনকভাৱে নিশা ভাতৰ পাতৰ পৰাই উঠি গৈছিল সুনীল। পত্নীক কৈছিল উভতি আহি খাব বাঢ়ি দিয়া ভাত। কিন্তু সুস্থ শৰীৰে আৰু উভতি নাহিল সুনীল গগৈ। তাৰ পৰিৱৰ্তে ঘৰৰ পৰা মাত্ৰ ৩০০ মিটাৰ নিলগৰ এখন চোমনিত উদ্ধাৰ হ’ল সুনীলৰ অৰ্ধদগ্ধ মুণ্ডহীন মৃতদেহ।

পৰিকল্পিতভাৱে সুনীলক মাতি নিছিল হত্যাকাৰীয়ে। অতি বৰ্বৰভাৱে সুনীলৰ শিৰচ্ছেদ কৰি বাঁহ জাপি জ্বলাই দিলে মৃতদেহ। ঘটনাস্থলীত উদ্ধাৰ হ’ল সুনীল গগৈৰ পৰিহিত স্প’ৰ্টিং।
জ্বলন্ত মাংসপিণ্ডৰ কাষতে উদ্ধাৰ এখন সানিত দা
উদ্ধাৰ হ’ল সুনীলৰ চেণ্ডেল, এডাল বাঁহৰ লাঠী আৰু জ্বলি থকা অৱস্থাত এটা টৰ্চ লাইট।
কিন্তু উদ্ধাৰ নহ’ল সুনীল গগৈৰ চিন্ন মুণ্ড।

এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত উপস্থিত হ’ল লখিমপুৰ জিলা আৰক্ষী অধীক্ষকসহ শীৰ্ষ বিষয়া। আৰক্ষীয়ে চলালে সুনীল গগৈৰ কটা মূৰটোৰ সন্ধান। কিন্তু নিশাৰ পৰা অভিযান চলাইও আৰক্ষীয়ে নাপালে চিন্ন মুণ্ডৰ সন্ধান। ঘটনাৰ অনুসন্ধানৰ বাবে গুৱাহাটীৰ পৰা আহিল ফৰেণচিক আৰু চি আই ডিৰ শীৰ্ষ পৰ্যায়ৰ দল। কিয় হত্যা কৰা হ’ল ঢকুৱাখনা মণ্ডল বিজেপিৰ কৃষান মৰ্চাৰ সম্পাদক সুনীল গগৈক? পৰিয়াল তথা স্থানীয় ৰাইজৰ সন্দেহ এই নৃশংস হত্যাকাণ্ডৰে আছে ৰাজ্যত চলি থকা জলজীৱন মিছনৰ ব্যাপক কেলেংকাৰীৰ সম্পৰ্ক
কাৰণ জলজীৱন মিছনৰ ঠিকাদাৰো আছিল সুনীল গগৈ

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেলেংকাৰীৰ বিৰুদ্ধে বলিস্থ পদক্ষেপ লৈছিল সুনীলে। শেহতীয়াকৈ PHEৰ ঘিলামৰা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীৰ গ্ৰেপ্তাৰতো সহযোগিতা কৰিছিল সুনীল গগৈয়ে। সুনীল গগৈৰ দুৰ্নীতি বিৰোধী স্থিতিৰ বাবেই সম্প্ৰতি ৰঙাঘৰত ঘোচখোৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী।

সেই ঘটনাৰে সুনীলৰ হত্যাকাণ্ডৰ যোগসূত্ৰ থকাৰ সন্দেহ সুনীল গগৈৰ পত্নীৰ। কাৰণ জয়ন্ত গোস্বামীক গ্ৰেপ্তাৰৰ পিছৰ পৰা হেনো এসাঁজো ভাত শান্তিৰে খাব পৰা নাছিল গগৈয়ে। বিভিন্ন পক্ষৰ পৰা সুনীল গগৈয়ে লাভ কৰিছিল ভাবুকি।

জলজীৱনৰ ঠিকাদাৰ তথা বিজেপিৰ কৃষান মৰ্চাৰ সম্পাদক সুনীল গগৈৰ হত্যাৰ খবৰ পায়ে ঘটনাস্থলীত উপস্থিত হ’ল ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোঁজ পেগু। মন্ত্ৰী ডা০ পেগুৰো সন্দেহ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেলেংকাৰীৰ উদঙাই দিয়াই কাল হ’ল সুনীলৰ। ইফালে, সুনীল গগৈৰ হত্যাকাৰী কোনো কাৰণতে সাৰি যাব নোৱাৰে বুলিও কঠোৰ সকীয়নি মন্ত্ৰী পেগুৰ।

বৰ্তমান গগৈৰ অৰ্ধ দগ্ধ অৱশিষ্ট মাংস পিণ্ডৰ মৰণোত্তৰ পৰীক্ষাৰ সমান্তৰালকৈ ঘটনাস্থলীত আৰক্ষী, চি আই ডিৰ শীৰ্ষ বিষয়াই অব্যাহত ৰাখিছে অনুসন্ধান। পৰিয়াল তথা ৰাইজৰ দাবী শীঘ্ৰে গগৈৰ ছিন্ন মুণ্ড উদ্ধাৰৰ লগতে গ্ৰেপ্তাৰ কৰক হত্যাকাৰীক। কিন্তু আশংকা কৰাৰ ধৰনে যদি জলজীৱন মিচনৰ কেলেংকাৰী উদঙাই দিয়াৰ বাবেই হ্যতাৰ বলী হ’ল বিজেপি নেতা সুনীল গগৈ, তেন্তে কেনেদৰে চলিছে ৰাজ্যৰ আইন শৃংখলা? দুনীতিৰ বিৰুদ্ধে শূন্যসহনশীলতাৰ কথা কোৱা চৰকাৰৰ দিনত চৰকাৰী বিভাগৰ দুনীতি উদঙাই দিয়াৰ বাবেই যদি নিজ দলীয় নেতাকে নৃশংসভাৱে হত্যা কৰা হয় তেন্তে সাধাৰণ জনতাই কি সাহসত মাত মাতিব দুৰ্নীতিৰ বিৰুদ্ধে?

NKTV Digital
Author: NKTV Digital

8 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...