এজন আদহীয়াৰ কৰ্মকাণ্ডত অতিষ্ঠ সাধাৰণ ৰাইজ

ধুবুৰীৰ ৭ নং ৱাৰ্ডত দেওবাৰে হঠাৎ সৃষ্টি হ’ল হুলস্থূলীয়া পৰিবেশ। এজন আদহীয়া লোকৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে ৱাৰ্ডটোৰ সাধাৰণ ৰাইজ। পিতৃয়ে নিৰ্মাণ কৰি থৈ যোৱা অট্টালিকাত খাই, বহি অলস জীৱন কটোৱা আব্দুল নাছেৰ আলফাৰুক নামৰ লোকজনৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ বিভিন্ন অভিযোগ। প্ৰতিবেশীৰ ফটো-ভিডিঅ’ অকতৃত্বশীলভাৱে সামাজিক মাধ্যমত আপলোড কৰা, যুৱতী-মহিলাক অশ্লীল ভাষাৰে গালি-গালাজ কৰা, ভিত্তিহীন কথাৰে আনক ব্লেকমেইল কৰা ইত্যাদি এশ এবুৰি অভিযোগ। লোকজনৰ অতপালিত অতিষ্ঠ হৈ দেওবাৰে ওলাই আহিল ধুবুৰীৰ ৭নং ৱাৰ্ডৰ স্থানীয় পুৰুষ-মহিলা।


ধুবুৰীৰ ৭ নং ৱাৰ্ডত দেওবাৰে হঠাৎ হুলস্থূলীয়া পৰিবেশ
এজন আদহীয়াৰ কৰ্ম কাণ্ডত অতিষ্ঠ ৱাৰ্ডৰ সাধাৰণ ৰাইজ
প্ৰতিবেশীৰ ফটো-ভিডিঅ’ সামাজিক মাধ্যমত আপলোড
যুৱতী-মহিলাক প্ৰায়েই অশ্লীল ভাষাৰে গালি-গালাজ
অতিষ্ঠ হৈ দেওবাৰে ওলাই আহিল ৭নং ৱাৰ্ডৰ পুৰুষ-মহিলা
বাতৰি সংগ্ৰহ কৰিবলৈ অহা সাংবাদিককো প্ৰহাৰ লোকজনৰ


আদহীয়াৰ অতপালি
ধুবুৰীৰ ৭নং ৱাৰ্ডত হঠাৎ হুলস্থূল
ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ

ৰাইজৰ মাজত হুৱাদুৱা। ৭নং ৱাৰ্ডৰ এটা পথত থকা এই অট্টালিকালৈ আঙুলি সকলোৰে। ঘটনাৰ মূল কেন্দ্ৰবিন্দু অট্টালিকাটোৰ খিৰিকিৰে হাতত মোবাইল লৈ ভিডিঅ’ কৰি থকা এই আদহীয়া লোকজন। হুলস্থূলৰ মাজতে তলত থকা লোকসকললৈ শিল দলিয়াইছে আদহীয়া লোকজনে। অশ্লীল ভাষাৰে গালি গালাজো কৰিছে। লোকজনৰ নাম আব্দুল নাছেৰ আলফাৰুক। স্বাধীনতা আন্দোলনৰ সেনানীৰ নাতি হেনো তেওঁ।

কিন্তু আব্দুল নাছেৰৰ কৰ্মকাণ্ডত অতিষ্ঠ ৰাইজ। পিতৃয়ে নিৰ্মাণ কৰি থৈ যোৱা অট্টালিকাত খাই, বহি অলস জীৱন কটোৱা আব্দুল নাছেৰ আলফাৰুক নামৰ লোকজনৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ বিভিন্ন অভিযোগ।

প্ৰায়েই মহিলাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰে নাছেৰে।
নাছেৰৰ ভয়ত বাথৰুমলৈ যাবলৈ ভয় মহিলাৰ।

মন গ’লেই প্ৰতিবেশী মহিলা-যুৱতীৰ ফটো, ভিডিঅ’ মোবাইলৰ কেমেৰাত বন্দী কৰি থয় আব্দুল নাছেৰে। আনৰ ফেচবুকৰ পৰা ফটো লৈ অকতৃত্বশীলভাৱে আপলোড কৰে সামাজিক মাধ্যমত। কেৱল সিমানেই নহয়, পথেৰে যোৱা যুৱতী-মহিলাকো অশ্লীল ভাষাৰে কৰে গালি-গালাজ।

আব্দুল নাছেৰ আলফাৰুক নামৰ এই লোকজনৰ কৰ্মকাণ্ড আৰু অতপালিত অতিষ্ঠ হৈ দেওবাৰে ওলাই আহিল ৭নং ৱাৰ্ডৰ ৰাইজ। ঘটনাস্থলীলৈ সাংবাদিককো মাতি পঠিয়ালে ৰাইজে। নাটক আৰম্ভ হৈ গ’ল আদহীয়া লোকজনৰ। এইবাৰ বিল্ডিঙৰ ওপৰৰ পৰাই নাছেৰে দলিয়ালে ইটা-শিল। নাছেৰৰ আক্ৰমণত আহত হ’ল বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এজন সাংবাদিক। পোহৰলৈ আহিল এজন পংগু যুৱকক ধন দিম বুলি কৈ মাৰপিট কৰা ঘটনাও।

অভিযুক্ত আব্দুল নাছেৰ আলফাৰুকৰ বিৰুদ্ধে ধুবুৰী থানাত এজাহাৰ আহত সাংবাদিকৰ। লোকজনৰ কৰ্ম কাণ্ডত অতিষ্ঠ হৈ ৭নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ গৰাকীয়েও দাখিল কৰিলে এজাহাৰ। ৱাৰ্ড মেম্বাৰ গৰাকীৰ অভিযোগ- আনৰ ফটো অকতৃত্বশীলভাৱে সামাজিক মাধ্যমত আপলোড কৰি ব্লেকমেইল কৰাৰো চেষ্টা কৰে নাছেৰে। নাছেৰৰ অতপালিৰ পৰা হাত সাৰি যোৱা নাই থানাৰ অ’চি, জিলাৰ SP আৰু DCও।

সকলোৰে দাবী আব্দুল নাছেৰ আলফাৰুকক শীঘ্ৰে গ্ৰেপ্তাৰৰ ব্যৱস্থা কৰক ধুবুৰী আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

5 COMMENTS

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...