তালিবান সন্দৰ্ভত নতুন দিল্লীৰ ডাঙৰ সিদ্ধান্ত; ভাৰতে কাবুলত মুকলি কৰিব দূতাবাস

ভাৰতে আফগানিস্তানৰ ৰাজধানী কাবুলত দূতাবাস আৰম্ভ কৰাৰ ৰাজহুৱা ঘোষণা কৰিছে। নতুন দিল্লীৰ হাইদৰাবাদ হাউছত আফগানিস্তানৰ বিদেশৰাষ্ট্ৰ মন্ত্ৰী আমিৰ খান মুত্তাকীৰ সৈতে বৈঠকত বিদেশৰাষ্ট্ৰ মন্ত্ৰী এছ জয়শংকৰে এই ঘোষণা কৰিছে। জয়শংকৰে এই সময়ত আফগানিস্তানৰ সার্বভৌমত্বৰ সমৰ্থনো দিছে। ২০২১ চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতে আফগানিস্তানৰ সাৰ্বভৌমত্বৰ পূৰ্ণ সমৰ্থন দিছে।

মুত্তাকীৰ সৈতে বৈঠকত বিদেশৰাষ্ট্ৰ মন্ত্ৰী জয়শংকৰে কৈছিল- ভাৰতে সদায় আফগানিস্তানৰ সহায় কৰিছে। আফগানিস্তান আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আফগানিস্তানে সম্প্ৰতি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত আমাৰ সহায় কৰিছে।

আফগানিস্তানত বৰ্তমান ৰাছিয়া আৰু পাকিস্তানৰ দৰে দেশসমূহৰ দূতাবাস আছে। কাবুলত ভাৰতৰ উচ্চায়োগ আছে, কিন্তু সেয়া দূতাবাসলৈ পৰিণত হোৱা নাছিল। তালিবান শাসনৰ আগমনৰ পিছৰ পৰা ভাৰত ছাইলেণ্ট ম’ডত আছিল, কিন্তু এতিয়া ভাৰতে তাত দূতাবাস খোলাৰ ঘোষণা কৰিছে।

জয়শংকৰে কয়- আফগানিস্তানত বিকাশ আৰু মানৱীয় সহায়ৰ কাম ভাৰতে অব্যাহত ৰাখিব। ইয়াৰ উপৰিও আফগানিস্তানত যি প্ৰকল্পসমূহ কৰাৰ বাবে ভাৰতে ঘোষণা কৰিছিল সেইবোৰক এতিয়া আমি পুনৰ আৰম্ভ কৰিবলৈ প্রস্তুত। ভাৰতে আফগানিস্তানক ২০খন এম্বুলেন্স দিয়াৰো ঘোষণা দিছে।

বৈঠকত মুত্তাকীয়ে কি কি কৈছিল?

জয়শংকৰৰ সৈতে বৈঠকত আফগানিস্তানৰ বিদেশৰাষ্ট্ৰ মন্ত্ৰী মুত্তাকীয়ে কৈছিল যে, ভাৰত সদায় আফগানিস্তানৰ জনসাধাৰণৰ সৈতে আছে। আমি ভাৰতৰ বিৰুদ্ধে কোনো ষড়যন্ত্ৰ ঘটিব নিদিও। দুয়োখন দেশৰ মাজত সন্ত্ৰাসবাদৰ বিষয়ো আলোচনা হৈছে।

মুত্তাকী তালিবান শাসনৰ প্ৰথম বিদেশৰাষ্ট্ৰ মন্ত্ৰী যিয়ে নতুন দিল্লীলৈ আহিছে। নতুন দিল্লীলৈ অহাৰ পূৰ্বে মুত্তাকীয়ে তালিবান নেতা আখুন্জদাৰ সৈতে সাক্ষাত কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...