চান আলী মিঞা নে মনোৱাৰ হুছেইন, কোনে মাৰিব শেষ হাঁহি?

বিধানসভা, লোকসভাৰ নিৰ্বাচন নহয় এইবাৰ পঞ্চায়তৰহে উপ নিৰ্বাচন। পঞ্চায়তৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তাল গোৱালপাৰা পশ্চিম সমষ্টি । সমষ্টিটোৰ অন্তৰ্গত ২৭নং আমবাৰী গাঁও পঞ্চায়তত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন। পঞ্চায়তটোৰ সভাপতি আব্দুৰ ৰহিমৰ মৃত্যু হোৱাত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন । অহা ১৫ ডিচেম্বৰত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব লগীয়া পঞ্চায়তটোত থিয় দিছে ৩গৰাকী প্ৰাৰ্থীয়ে। নিজকে প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে কংগ্ৰেছ দলৰ চান আলী মিঞা, AIUDF দলৰ মনোৱাৰ হুছেইন আৰু SUCI দলৰ জহিৰুল ইছলামে। অৱশ্যে ইয়াৰ মাজতে কংগ্ৰেছ দলৰ চান আলী মিঞা আৰু AIUDF দলৰ মনোৱাৰ হুছেইনৰ প্ৰচাৰ অভিযানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বিশেষকৈ AIUDF দলৰ মনোৱাৰ হুছেইনৰ প্ৰচাৰ অভিযানে সকলোৰে চকু কপালত তুলিছে। প্ৰচাৰ অভিযানৰ অন্তিম দিনা AIUDF দলৰ প্ৰাৰ্থীগৰাকীয়ে বিশাল ৰেলী বাহিৰ কৰে ৰাজপথত। সচেতন ৰাইজৰ মনত প্ৰশ্ন উদয় হৈছে পঞ্চায়ত নিৰ্বাচনতো ধনবল অথবা বাহুবলৰ প্ৰয়োগ ঘটিব নেকি, অৱতীৰ্ণ হোৱা প্ৰাৰ্থীয়ে কিদৰে খৰচ হোৱা ধন ঘূৰাই আনিব?

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...