ক’ভিডৰ কালৰূপ! গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০ শিক্ষাৰ্থী কভিড পজিটিভ

গুৱাহাটী বিশ্ববিদ্যালয়ত ব্যাপক ৰূপত সংক্ৰমণ কভিড ভাইৰাছৰ। জালুকবাৰীস্থিত বিশ্ববিদ্যালয় চৌহদত পোহৰলৈ আহিছে কভিডৰ ভয়াৱহ ৰূপ। এতিয়ালৈকে ২০জন শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কভিড ভাইৰাছ। এ টি-9 হোষ্টেলত ১০জনৰ দেহত পোৱা গৈছে কোভিড পজিটিভ। ইয়াৰ লগতে RCC6 আৰু RRC5 হোষ্টেলতো পোৱা গৈছে কভিড পজিটিভ। কোভিড সংক্ৰমণ হোৱা হোষ্টেলসমূহৰ ভিতৰত আছে AT2 আৰু AT3 হোষ্টেলো।

স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুযায়ী বিশ্ববিদ্যালয়খনত কৰা হৈছিল কভিড পৰীক্ষা। RTPCR টেষ্টত ধৰা পৰে ১২গৰাকী কভিড পজিটিভ শিক্ষাৰ্থী। কভিড সংক্ৰমণ হোৱা ছাত্ৰ-ছাত্ৰীকেইগৰাকীক প্ৰেৰণ কৰা হৈছে হাস্পতাললৈ। স্বাভাৱিক পৰিৱেশ ঘূৰি অহাৰ লগে লগে খুলি দিয়া হৈছিল হোষ্টেলসমূহ। নিয়মীয়া পাঠদান অব্যাহত থকাৰ মাজতে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত কভিডৰ কালৰূপ পোহৰলৈ আহিছে। ইতিমধ্য়ে আৰু অধিক শিক্ষাৰ্থীৰ গালৈ যাতে এই ভাইৰাছ বিয়পিব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পাকিস্তানত ধ্বংস শতবৰ্ষীয় হিন্দু মন্দিৰ, মন্দিৰৰ স্থানত নিৰ্মাণ হ’ব মাদ্ৰাছা

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ নাৰোৱাল জিলাৰ ছিৰাজ গাঁৱত ১০০ বছৰতকৈও...

সাংবাদিকৰ পেঞ্চন দুগুণলৈ বৃদ্ধি, ৫ লাখ টকাৰ স্বাস্থ্য বীমা: পশ্চিমবংগত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ডাঙৰ ঘোষণা

পশ্চিমবংগৰ সাংবাদিকসকলৰ বাবে ডাঙৰ সকাহৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শুভেন্দু...

প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ দেশসমূহৰ সৈতে অংশীদাৰিত্ব অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি ভাৰতৰ

ভাৰতে প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ দেশসমূহৰ সৈতে ইয়াৰ অংশীদাৰিত্ব অধিক...

নেপালৰ দুৰ্যোগত সাহায্যৰ বাবে ৫০জনীয়া দলসহ যাবলৈ সাজু মৌলানা বদৰুদ্দিন আজমল

চুবুৰীয়া ৰাষ্ট্ৰ নেপালত সৃষ্টি হোৱা ভয়াৱহ দুৰ্যোগপূৰ্ণ পৰিস্থিতিক লৈ...