কাইলৈ দিল্লীৰ চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰিব ভগৱন্ত মনে

পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ লগতে কেবিনেট মন্ত্ৰীসকলেও সোমবাৰে পৰিদৰ্শন কৰিব চৰকাৰী বিদ্যালয় সমূহ। তেওঁলোকৰ সৈতে থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালো।

কেজিৰৱালে বৃহস্পতিবাৰে ঘোষণা কৰিছিল কৰিছিল যে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান অৰু তেওঁৰ মন্ত্ৰী পৰিষদে সোমবাৰে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহ পৰিদৰ্শন কৰিব যাতে তেওঁলোকে নিজৰ ৰাজ্যৰ শিক্ষাখণ্ডত দিল্লীৰ আৰ্হিৰেই উল্লেখযোগ্য উন্নতি কৰিব পাৰে।

কেজৰিৱালে পাঞ্জাৱৰ একাংশ শীৰ্ষ বিষয়াৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ পাছত বিৰোধী দলবোৰে পাঞ্জাৱক দিল্লীয়ে শাসন কৰি আছে বুলি অবিযোগ উত্থাপিত কৰিছিল। তাৰ কেইদিনমান পাছতেই কেজৰিৱালে উক্ত ভ্ৰমনৰ কথা ঘোষণা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বাদুংদুপ্পা কলাকেন্দ্ৰৰ ‘আণ্ডাৰ দ্য শাল ট্ৰী’ৰ ১৫ সংখ্যক সংস্কৰণৰ আৰম্ভণি

গোৱালপাৰা জিলাৰ ৰামপুৰৰ নিস্তব্ধ শাল গছৰ বাগিচাখন দেওবাৰে পুৱা...

সমাজৰ শেষৰজন ব্যক্তিকো যাতে চৰকাৰৰ আঁচনিবোৰে স্পৰ্শ কৰে, তাৰ বাবে বৰ্তমানৰ চৰকাৰ বদ্ধপৰিকৰ : অশোক সিংহল

গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী...

তিনিচুকীয়াত বিয়াঘৰত অগ্নিকাণ্ড

বিয়াৰ আগদিনা দৰাঘৰত লাগিল জুই। হুৱাদুৱা লাগিল। তিনিচুকীয়াৰ আইন...

ডায়েট ডিব্ৰুগড়ত প্ৰথম বাৰ্ষিক আন্তঃজিলা কুইজ প্ৰতিযোগিতা সম্পন্ন

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET), ডিব্ৰুগড়ৰ উদ্যোগত শুক্ৰবাৰে...