নৱজাতকৰ নামকৰণ কৰিলে কিয় পৰিশোধ কৰিব লাগে লক্ষাধিক টকা?

নৱজাতক শিশুৰ নামকৰণক লৈ সাধাৰণতে বহু অভিভাৱকে সমস্যাত পৰে। জন্মৰ পূৰ্বতে শিশুৰ মাক-দেউতাকৰ লগতে পৰিয়ালৰ সদস্যসকলে আহিবলগীয়া নতুন অতিথিৰ নামকৰণ লৈ আলোচনা কৰা দেখা যায়। কিন্তু কেতিয়াবা ভাবি চাইছেনে আপোনাৰ সন্তানৰ বাবে কোনোবাই বাছনি কৰা নামটো আপোনাৰ পাৰিবাৰিক সংস্কৃতিৰ উপৰিও অন্যান্য পাৰিপাৰ্শ্বিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰিও ৰখা হয়।

নিউয়ৰ্কৰ বাসিন্দা টেইলৰ এ. হামফ্ৰিয়ে এই জীৱিকাক তেওঁৰ উপাৰ্জনৰ উপায় হিচাপে বাছনি কৰি লয়। ধনী দম্পতীসকলে তেওঁলোকৰ সন্তানৰ নাম ৰাখিবলৈ টেইলৰৰ ওচৰলৈ আহে। টেইলৰৰ মতে, “নামবোৰে কেৱল ব্যক্তিএজনৰ পৰিচয় বহন নকৰে। নামৰ জৰিয়তে, ফুটি উঠে মানুহজনৰ ব্যক্তিত্বও।” ৩৩ বছৰ বয়সৰ টেইলৰে ২০১৫ চনত এই ব্যৱসায় আৰম্ভ কৰিছিল। প্ৰথমে তেওঁ ইন্টাৰনেটৰ জৰিয়তে তেওঁৰ এই ব্যৱসায়ৰ বিষয়ে জনাইছিল। ৩ বছৰৰ পিছত ২০১৮ চনত টেইলৰে তেওঁৰ ব্যৱসায় বৃদ্ধি কৰিছিল।

টেইলৰে এটা নাম ৰখাৰ বাবে কমেও ১৫০০ আমেৰিকান ডলাৰৰ পৰা সৰ্বাধিক ১০,০০০ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৭.৬ লাখ টকা) লৈকে মাচুল লয়। আটাইতকৈ কম খৰচত, তেওঁ দম্পতীহালৰ লগত ফোনৰ জড়িয়তে বৰ্তালাপ কৰে আৰু বিভিন্ন প্ৰশ্ন কৰে আৰু সেই তথ্যৰ ওপৰত আধাৰিত কৰি তেওঁ নাম দিয়ে। তদুপৰি টেইলৰে পাৰিবাৰিক ব্যৱসায়ৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰিও নৱজাতকৰ নাম ৰাখে। টেইলৰে জনায় যে, এনে কেতিয়াও হোৱা নাই যে, তেওঁ নামকৰণ কৰা নামটো কোনো ব্যক্তিয়ে অপছন্দ কৰিছে। কাৰোৱাৰ যদি নামটোৰ প্ৰথম অংশ হিচাপে নহয়, তেন্তে বহুলোকে ইয়াক মধ্যম নাম (Middle Name) হিচাপেও ব্যৱহাৰ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...