ব্ৰাহ্মীক এইকেইটা কামত ব্যৱহাৰ কৰিব পাৰি জানো আহক

ঔষধ হিচাপে ব্ৰাহ্মী এবিদ উৎকৃষ্ট শাক।। ব্ৰাহ্মীৰ উপকাৰিতা আৰু ইয়াৰ অপাৰ গুণৰ বাবে বিজ্ঞানীসকলে ব্ৰাহ্মীৰ ওপৰত গৱেষণা কৰি আহিছে। বিজ্ঞানীসকলে মানৱ স্বাস্থ্যৰ বাবে ব্ৰাহ্মীয়ে কেনেদৰে উপকাৰ সাধন কৰে সেই বিষয়ে অধ্যায়ন কৰি আহিছে। ইয়াৰ পাত, আৰু শিপা ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ব্ৰাহ্মীৰ কাণ্ড আৰু পাতবোৰ কোমল আৰু মণ্ডযুক্ত আৰু ইয়াত বগা ফুল থাকে। এই উদ্ভিদবিধ সেমেকা ঠাইত বৃদ্ধি হয়। অঞ্চল ভেদে ইয়াক বিভিন্ন নামেৰে জনা যায়,যেনে- সৌম্যলতা,নীৰব্ৰাহ্মী,দ্ৰৱণ,জলব্ৰাহ্মী,জলনিম,জলবুটী ইত্যাদি।

ব্ৰাহ্মীৰ এণ্টিঅক্সিডেণ্ট,এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টি-কনভেচেণ্ট গুণাগুন আছে। এই গুণাগুণবোৰে মস্তিষ্কৰ চিন্তা শক্তি উন্নত কৰে। ব্ৰাহ্মীত পোৱা নাইট্ৰিক অক্সাইডে ৰক্তচাপ হোৱাৰ আশংকা হ্ৰাস কৰে। ই তেজ পাতল আৰু পৰিষ্কাৰ কৰে,যাৰ ফলত সহজে শিৰাবোৰলৈ তেজ প্ৰবাহিত হ’ব পাৰে। ব্ৰাহ্মীয়ে উদ্বেগ আৰু চাপ হ্ৰাস কৰাত সহায় কৰিব পাৰে লগতে কৰ্কট ৰোগীৰ বাবেও ব্ৰাহ্মীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ব্ৰাহ্মী বনৌষধিৰ কৰ্কট ৰোগ প্ৰতিৰোধী গুণ আছে যিয়ে মস্তিষ্কৰ টিউমাৰৰ কোষবোৰ ধ্বংস কৰে। লগতে স্তন কেনচাৰ আৰু মলাশয় কেনচাৰ ৰোগ প্ৰতিহত কৰাত সহায় কৰে। ব্ৰাহ্মীক এণ্টিঅক্সিডেণ্টে পেইনকিলাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি । গাঁঠিৰ বিষ আৰু মুৰৰ বিষত ব্ৰাহ্মী তেল ব্যৱহাৰ কৰিলে বিষ উপশম হয় । সতেজ ব্ৰাহ্মী পাতৰ পৰা তৈয়াৰ কৰা চাহৰ সৈতে মৌ মিহলি কৰি খালে মন সতেজ হয়। ব্ৰাহ্মীক শাক হিচাবেও খাব পাৰি৷ ব্ৰাহ্মীৰ গুনাগুনবোৰ চাই ইয়াক চাহ,ঔষধ আৰু কাঢ়া ৰূপত যিকোনো সময়তে খাব পাৰি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...

ডিব্ৰুগড়ৰ খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত কিশোৰ

ডিব্ৰুগড় জিলাৰ খোৱাঙত পুনৰ নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত এজন...