দ্য যোগী এফেক্ট! পুনৰ ৰাজতন্ত্ৰৰ দিশে নেপাল?

0 74

অচিন্ত্য শৰ্মা

চুবুৰীয়া নেপালত লাহে লাহে শক্তিশালী হৈ আহিছে ৰাজতন্ত্ৰ পুনঃপ্ৰতিষ্ঠাৰ দাবী। ইয়াৰ সমান্তৰালভাবে উত্থাপিত হৈছে আকৌ হিন্দুৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দাবীও। আৰু এনে দাবীসমূহৰ লগত অভাৱণীয়ভাবে সাঙোৰ খাই পৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ নাম। প্ৰশ্ন উঠিছে উত্তৰ প্ৰদেশৰ হিন্দুত্ববাদী মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰভাব পৰিলনেকি উত্তৰ প্ৰদেশৰ গাতে লাগি থকা নেপালত?

অসম্ভৱ নহয়। কাৰণ ২০০৭ চনত তথা-কথিত ধৰ্মনিপক্ষেতা স্থাপনৰ পূৰ্বে হিন্দু আছিল নেপালৰ ৰাজধৰ্ম। অৰ্থাৎ নেপাল আছিল তেতিয়া এখন হিন্দুৰাষ্ট্ৰ। দৰাচলতে তদানীন্তন পৃথিৱীত নেপালেই আছিল একমাত্ৰ হিন্দুৰাষ্ট্ৰ। দেশখনৰ ৰাজপৰিয়ালে যত্নৰ সৈতে লালন পালন কৰিছিল হিন্দুধৰ্ম আৰু হিন্দু সংস্কৃতি। এই ধৰ্মীয় আৰু সাংস্কৃতিক ভেঁটিত প্ৰথম আঘাত পাইছিল ২০০১ চনৰ ১ জুনত, যেতিয়া এক ৰহস্যজনক পৰিস্থিতিত সপৰিয়ালে নিহত হৈছিল সেইসময়ৰ নেপাল ৰাজ কিং বীৰেন্দ্ৰ।

বীৰেন্দ্ৰৰ পিছত নেপালৰ সিংহাখনত আৰোহন কৰা তেওঁৰ ভাতৃ জ্ঞানেন্দ্ৰই কঠোৰ হাতেৰে আৰু দক্ষতাৰে সৈতে শাসন চলাব পৰা নাছিল। যাৰ পৰিনতিত দেশখনত গা কৰি উঠিবলৈ সুবিধা পাইছিল হিন্দুত্ব বিৰোধী আৰু ৰাজতন্ত্ৰ বিৰোধী শক্তি বা অপশক্তিসূহে। ধৰ্মনিৰপেক্ষতা আৰু গণতন্ত্ৰৰ মুখা পিন্ধি লোৱা সেই শক্তিসমূহে তেতিয়া নিশ্চিতভাবে সহায় পাইছিল সম্প্ৰসাৰণবাদী কমিউনিষ্ট ৰঙাচীন আৰু চীনৰ গোলাম, সন্ত্ৰাসবাদী ৰষ্ট্ৰ ইছলামিক পাকিস্থানৰ পৰা; তাৰ প্ৰমাণ পিছত ওলাইছিল আৰু এতিয়াও ওলাই আছে। লাহে লাহে সেই শক্তিসমূহে সফলতাৰ পথত আগবাঢ়িল আৰু তাৰ পৰিণতিতেই ২০০৭ চনৰ জানুৱাৰীত নেপালৰ পৰা ৰাজ ধৰ্ম হিচাপে উৎখাত হৈ গ’ল হিন্দু ধৰ্ম। আৰু ৰাজধৰ্ম উৎখাতৰ ডেৰ বছৰৰো কমসময়ৰ ভিতৰত উৎখাত হৈ গ’ল খোদ ৰাজতন্ত্ৰ।

২০০৮ চনৰ ২৮ মে’ত নেপালৰ ৰাজতন্ত্ৰৰ অৱসান ঘটোৱা হয়। ইতিহাসত কিং জ্ঞানেন্দ্ৰৰ নাম লিপিবদ্ধ হৈ ৰয় নেপালৰ শেষ ৰজা হিচাপে। কাঠমাণ্ডুত স্থাপিত হয় নিৰ্বাচিত চৰকাৰ। লগে লগে নেপালৰ জৰিয়তে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে সক্ৰিয় হৈ উঠে বেইজিং আৰু ইছলামবাদ। কুখ্যাত পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ তৎপৰতাত ভৰত-নেপাল সীমান্তৰ নেপালী ভূখণ্ডত, উত্তৰ প্ৰদেশৰ পাৰে পাৰে গঢ়ি উঠে হাজাৰ হাজাৰ মাদ্ৰাছা আৰু মছজিদ, যিবোৰ মাদ্ৰাছা হৈ উঠে ভাৰতবিৰোধী জেহাদী তৈয়াৰ কৰা কাৰখানা। এনে কাৰখানাত তৈয়াৰী একাধিক জেহাদী পৰবৰ্তী দিনবোৰত উত্তৰ প্ৰদেশৰ মাটিত ভাৰতীয় চোৰাংচোৱা সংস্থাৰ হাতত ধৰাও পৰে। আনহাতে নেপালৰ গণতন্ত্ৰ আৰু ধৰ্ম-নিৰপেক্ষতাৰ সুযোগ লৈ, নিজৰ বহতীয়া দলসমূহৰ সহযোগত আৰ্থিক আৰু ভৌগলিক স্বাৰ্থসিদ্ধিৰ প্ৰক্ৰিয়া আৰম্ভ কৰে আগ্ৰাসী চীনে। আৰু প্ৰায় পোন্ধৰ বছৰজোৰা সেই প্ৰক্ৰিয়াৰ অন্তত নেপালো আজি পৰিণত হৈছে পাকিস্তানৰ নিচিনাই চীনৰ এক বৃহৎ গোলাম ৰাষ্ট্ৰত। নেপালী সম্পদ আৰু অৰ্থনীতিত চীনৰ একাধিপত্য। কাঠমাণ্ডুৰ বিদেশ নীতি বেইজিং নিয়ন্ত্ৰিত। সকলোপিনৰ পৰাই চীনৰ ভৰিৰ তলত পিষ্ট হৈ আহিছে নেপাল। ইয়াৰ সমান্তৰালভাবে পাহাৰীয়া ৰাষ্ট্ৰখনত বাঢ়ি আহিছে মিছনেৰী কাৰ্যকলাপো।

সেয়ে দেশপ্ৰেমিক নেপালী জনগণ লাহে লাহে জাগি উঠিছে। তেওঁলোকে এতিয়া অনুভব কৰিছে যে তথাকথিত ধৰ্মনিৰপেক্ষতা আৰু গণতন্ত্ৰ নেপালৰ বাবে কাল হৈ পৰিছে। এনে পেক্ষাপটত দেশখনত উঠিছে ৰাজতন্ত্ৰ আৰু হিন্দুৰাষ্ট্ৰ পুনঃপ্ৰতিষ্ঠাৰ দাবী । এই দাবীয়ে ইতিমধ্যে একাধিক সংগঠনে যোৱা প্ৰায় আঢ়ৈ বছৰ ধৰি বিভিন্ন আন্দোলনমুখী কাৰ্যসূচী চলাই আছে। শেহতীয়াভাবে প্ৰায় একুৰি এনে সংগঠন একত্ৰিত হৈ এখন উমৈহতীয়া মঞ্চ গঠন কৰিছে ৰাজধৰ্ম আৰু ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ দাবী শক্তিশালী কৰি তুলিবলৈ। তাৎপৰ্যপূৰ্ণভাবে এনে মঞ্চত জড়িত হৈ পৰিছে নেপালী সেনাৰ অবসৰপ্ৰাপ্ত প্ৰধানৰ নিচিনা ব্যক্তিও। লাহে লাহে এই জাগৰণে পাবলৈ আৰম্ভ কৰিছে আন্তঃবৰ্দ্ধিত ৰাষ্ট্ৰীয় সমৰ্থনো।

তাৎপৰ্যপূৰ্ণভাবে নেপালৰ এনে ঘটনাপ্ৰবাহৰ হাঙোৰ খাই পৰিছে পাহাৰীয়া ৰাষ্ট্ৰখনৰ পাদদেশত থকা ভাৰতীয় ৰাজ্য উত্তৰ প্ৰদেশৰ য়োগী আদিত্য নাথৰ নাম।

পৰ্যবেক্ষকসকলৰ ধাৰণা অনুসৰি ভাৰতত হিন্দু ৰাষ্ট্ৰবাদী ৰাজনৈতিক শক্তি বিজেপিৰ উত্থানে উৎসাহিত কৰিছে নেপালৰ ৰাজতন্ত্ৰবাদী তথা হিন্দুত্ববাদী বা ৰাজধৰ্মবাদীসকলক। কিন্তু এনে উৎসাহক অধিক সবল আৰু প্ৰবল কৰি তুলিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে। লক্ষ্যণীয়ভাবে যোগী আদিত্য নাথে মুখ্যমন্ত্ৰীৰূপে প্ৰথম বাৰ শপত লোৱাৰ প্ৰায় দুবছৰৰ পাছতেই নেপালত হিন্দুত্ববাদী আৰু ৰাজতন্ত্ৰবাদী আন্দোলনে প্ৰবল ৰূপ ধাৰণ কৰিছিল। তাৰো বহু আগৰেপৰাই যোগীয়ে নেপালত হিন্দুৰাষ্ট্ৰ প্ৰতিষ্ঠা আৰু ৰাজতন্ত্ৰৰ প্ৰত্যাবৰ্তনৰ হকে মাত মাতি আহিছিল। সদৰি হোৱা তথ্য অনুসৰি হৈ থকা অবস্থাতে ২০১৫ চনত যোগী আদিত্য নাথে তদানীন্তত নেপালী প্ৰধানমন্ত্ৰী লৈ পত্ৰ লিখি সেইদেশত ধৰ্মান্তৰকৰণ বন্ধ কৰাৰ লগতে হিন্দুৰাষ্ট্ৰৰ পুনঃপ্ৰতিষ্ঠাৰ দাবী তুলিছিল। তাৰো পূৰ্বে যোগীয়ে কৈছিল যে হিন্দুৰাজ আৰু হিন্দু সংস্কৃতিয়েই হৈছে নেপালৰ আত্মা আৰু এই আত্মা অবিহনে নেপাল ভাঙি পৰিব। ২০১৬ চনত তেওঁ ক্ষমতাচ্যুত ৰজা জ্ঞানেন্দ্ৰৰ আমন্ত্ৰৰক্ৰমে নেপালৰ এক ধৰ্মীয় সমাবেশত অংশ হৈছিল আৰু সেই সমাৱেশতো তেওঁ হিন্দু ৰাষ্ট্ৰৰ সপক্ষে ওকালতি কৰিছিল। অৱশ্যে অকল যোগী আদিত্য নাথেই নহয়, এটা সময়ত বিজেপি নেতা বিজয় শংকৰ শাস্ত্ৰীৰ নিচিনা লোকেও নেপালৰ মাটিত থিয় হৈ ‘নেপাল এখন হিন্দুৰাষ্ট্ৰ আৰু সদায় হিন্দু ৰাষ্ট্ৰ হৈয়েই থাকিব বুলি কৈছিল। আনহাতে ভাৰতৰ একাধিক হিন্দু সংগঠনেও নেপালত শাখা খুলিলৈ বা কিছুমানে নোখোলাকৈয়ে নেপালৰ ৰাজতন্ত্ৰ আৰু হিন্দু ৰাজধৰ্ম পুনৰ প্ৰতিষ্ঠাৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিছে। অবশ্যে এই সকলোৰে মাজত, বিষয়টো সন্দৰ্ভত সৰ্বাধিক চৰ্চিত হৈছে যোগী আদিত্য নাথৰ নামটোহে। নেপালৰ ৰাজতন্ত্ৰ পুনঃপ্ৰতিষ্ঠাৰ হ’বনে নাই সেই দেশৰ ৰাজধৰ্ম হিচাপে হিন্দুধৰ্মৰ প্ৰত্যাবৰ্তন ঘটিবনে নাই সেয়া সময়ে কব। কিন্তু চুবুৰীয়া ৰাষ্ট্ৰখনৰ শেহতীয়া ঘটনাপ্ৰবাহে যোগী আদিত্য নাথৰ যি প্ৰভাব আৰু শক্তিৰ প্ৰতিফলন ঘটাইছে, সেই প্ৰভাব আৰু শক্তিয়ে যে ভবিষ্যতে ভৰতকো ৰাজনৈতিক গতিবিধি বহুখিনি প্ৰভাবিত কৰিব সেয়া নিশ্চিত।

Leave A Reply

Your email address will not be published.