ভাৰত ভ্ৰমণৰ বাবে আহিব ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন

ৰুছ-ইউক্ৰেইন ৰক্তাক্ত সংঘাটৰ মাজতেই দুদিনীয়া ভ্ৰমণসূচাৰে ভাৰতলৈ আহিব ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন। বৰিছ জনছনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাণিজ্য আৰু নিৰাপত্তা জনিত বিষয়সমূহৰ ওপৰত আলোচনা কৰিবৰ বাবে ভাৰতলৈ আহিব বুলি জানিব পৰা গৈছে। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীজনে ভ্ৰমণৰ পূৰ্বে এক বিবৃতিত কয় যে, “যিহেতু আমি স্বৈৰাচাৰী ৰাষ্ট্ৰসমূহৰ পৰা আমাৰ শান্তি আৰু সমৃদ্ধিৰ ক্ষত্ৰত ভাবুকিৰ সন্মুখীন হৈ আছো, সেয়েহে গণতান্ত্ৰিক পৰম্পৰা বিশ্বাসী বন্ধুবৰ্গ একেলগে থকাটো গুৰুত্বপূৰ্ণ।”

জনছন অহা এপ্ৰিল মাহৰ ২১ তাৰিখে ভাৰতলৈ আহিব। প্ৰধানমন্ত্ৰী জনে ভ্ৰমণৰ সময়ত চাকৰি সৃষ্টি আৰু অৰ্থনৈতিক বিকাশৰ পৰা শক্তি সুৰক্ষা আৰু প্ৰতিৰক্ষালৈকে বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব দিব।

জানিব পৰা মতে, ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী জনে গুজৰাটত নতুন বিজ্ঞান, স্বাস্থ্য, আৰু প্ৰযুক্তি বিজ্ঞানৰ লগতে ভাৰতৰ মূখ্য উদ্যোগসমূহত বৃহৎ পৰিমাণে বিনিয়োগ কৰাৰ কথা ঘোষণা কৰাৰো সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...