ভাৰত ভ্ৰমণৰ বাবে আহিব ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন

ৰুছ-ইউক্ৰেইন ৰক্তাক্ত সংঘাটৰ মাজতেই দুদিনীয়া ভ্ৰমণসূচাৰে ভাৰতলৈ আহিব ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন। বৰিছ জনছনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাণিজ্য আৰু নিৰাপত্তা জনিত বিষয়সমূহৰ ওপৰত আলোচনা কৰিবৰ বাবে ভাৰতলৈ আহিব বুলি জানিব পৰা গৈছে। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীজনে ভ্ৰমণৰ পূৰ্বে এক বিবৃতিত কয় যে, “যিহেতু আমি স্বৈৰাচাৰী ৰাষ্ট্ৰসমূহৰ পৰা আমাৰ শান্তি আৰু সমৃদ্ধিৰ ক্ষত্ৰত ভাবুকিৰ সন্মুখীন হৈ আছো, সেয়েহে গণতান্ত্ৰিক পৰম্পৰা বিশ্বাসী বন্ধুবৰ্গ একেলগে থকাটো গুৰুত্বপূৰ্ণ।”

জনছন অহা এপ্ৰিল মাহৰ ২১ তাৰিখে ভাৰতলৈ আহিব। প্ৰধানমন্ত্ৰী জনে ভ্ৰমণৰ সময়ত চাকৰি সৃষ্টি আৰু অৰ্থনৈতিক বিকাশৰ পৰা শক্তি সুৰক্ষা আৰু প্ৰতিৰক্ষালৈকে বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব দিব।

জানিব পৰা মতে, ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী জনে গুজৰাটত নতুন বিজ্ঞান, স্বাস্থ্য, আৰু প্ৰযুক্তি বিজ্ঞানৰ লগতে ভাৰতৰ মূখ্য উদ্যোগসমূহত বৃহৎ পৰিমাণে বিনিয়োগ কৰাৰ কথা ঘোষণা কৰাৰো সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰ্তমানলৈকে আনুষ্ঠানিক যুদ্ধ বিৰতি হোৱা নাই ইৰাণ–ইজৰাইলৰ!

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। পুৱা ৬.৩৭ মিনিটত ৰাজ্যৰ ভিন্ন...

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...