দোকানলৈ যাওঁতে পুৰুষ হৈ গৈছিল, কিন্তু দোকানৰ পৰা ওলাওঁতে হৈ আহিল মহিলা! কিন্তু কেনেকৈ?

সুন্দৰী যুৱতী দেখিলেই প্ৰেমত পৰা ডেকাসকল সাৱধান হওক। কিয়নো সেই সুন্দৰীগৰাকী যুৱতী নহ’বও পাৰে… হয় ঠিকেই শুনিছে আপুনি। এইবাৰ তেনে এক ঘটনাই সংঘটিত হৈছে এইখন অসমত। কিয়নো এইবাৰ এজন গ্ৰাহক দোকানলৈ যাওঁতে পুৰুষ হৈ গৈছিল, কিন্তু দোকানৰ পৰা ওলাওঁতে হৈ আহিল মহিলা! কিন্তু কেনেকৈ জানিবলৈ সম্পূৰ্ণকৈ পঢ়ক এই প্ৰতিবেদন।

ৰাজ্যত পুনৰ সংঘটিত হৈছে ভুৱা কিন্নৰৰ ঘটনা। এইবাৰৰ ঘটনা সোণাপুৰৰ। এইবাৰ সোণাপুৰৰ কমাৰকুছিত আটক কৰা হৈছে ভুৱা কিন্নৰ। এজন গ্ৰাহকে প্ৰথমে পুৰুষৰ পোচাক পৰিধান কৰি এখন দোকানত সোমাই তাৰ পাছত পুনৰ মহিলাৰ পোচাক পিন্ধি কিন্নৰ ৰূপ ধাৰণ কৰি ওলাই অহাৰ অভিযোগ ৰাইজৰ। পৰৱৰ্তী সময়ত ৰাইজৰ সন্দেহ ওপজাত গতি-বিধি নিৰীক্ষণ কৰি কমাৰকুছিৰ কালীমন্দিৰ চৌহদত সুৰাপান কৰি থকা অৱস্থাত আটক কৰাত ওলাই পৰে প্ৰকৃত স্বৰূপ। পৰৱৰ্তী সময়ত ভুৱা কিন্নৰজনক উত্তম মধ্যম দি ৰাইজে সোণাপুৰ আৰক্ষীক গতাই দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...