যুৱতী অধিবক্তা হত্যাকাণ্ডৰ অভিযুক্তক আটক

অধিবক্তা ৰিণিমা বেগম হত্যাকাণ্ডত জড়িতৰ অভিযোগত মহিবুল হক ওৰফে মণিসহ তিনি মূল অভিযুক্তক আটক বৰপেটা আৰক্ষীৰ ৷


বৰপেটা চহৰৰ সমীপৰ নিজ বাসগৃহৰ পৰা আটক মহিবুলক৷ যুৱতী অধিবক্তা ৰিণিমা বেগম হত্যাকাণ্ডত ব্যৱহাৰ হোৱা বুলি অভিযোগ উঠা AS15K7983 পঞ্জীয়ন নম্বৰৰ এখন এভেঞ্জাৰ মটৰ চাইকেলখনো মহিবুলৰ বাসগৃহৰ পৰা জব্দ কৰে আৰক্ষীয়ে ৷ আনহাতে, পালহাজিৰ পৰা ৰবিয়াল আলী আৰু মাজগাঁওৰ পৰা মুস্তাফ আলী নামৰ আন দুটা অভিযুক্তকো আটক কৰে আৰক্ষীয়ে ৷


ধৃত ৰবিয়াল আৰু মুস্তাফক লগত লৈ হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰৰ সন্ধানত অভিযানত নামি পৰিছে আৰক্ষীৰ দল ৷ ইতিমধ্যে হত্যাকাণ্ডত ব্যৱহৃত চোকা অস্ত্ৰখন ৩নং ভাতকুছিৰ সমীপৰ নখান্দা নৈৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।


অগ্নিনিৰ্বাপক বাহিনীৰ ডুবাৰু নমাই হত্যাত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰ আৰক্ষীৰ ৷ ইপিনে মহিবুল হক ওৰফে মণিৰ নিৰ্দেশত ৰবিয়াল আলী,মুস্তাফ আলী আদিৰ সহযোগত কোনো পেছাদাৰী ঘাতকে ৰিণিমাক হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ ৷ অৱশ্যে তদন্তৰ শেহতীয়া অগ্ৰগতি সন্দৰ্ভত এই পৰ্যন্ত আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰী কৰা নাই বৰপেটা আৰক্ষীয়ে।

উল্লেখ্য যে, ধৃত মহিবুল হক ওৰফে মণি ইতিপূৰ্বে একেটা গোচৰত গ্ৰেপ্তাৰ হোৱা ডাঃ মকদম আলীৰ খুলশালি ৷ তাৎপৰ্যপূৰ্ণভাৱে অন্যান্য দুই ব্যক্তিৰ লগতে ডাঃ মকদম আলী হত্যাকাণ্ডটোত জড়িত বুলি ঘটনা সংঘটিত হোৱাৰ দিনাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল ৰিণিমা বেগমৰ জ্যেষ্ঠ ভগ্নীয়ে ৷
হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত ভগ্নী ৰিণিমাৰ সৈতে একেখন গাড়ীতে আছিল জ্যেষ্ঠ ভগ্নী ৷
ৰিণিমা বেগম আৰু ডাঃ মকদম আলীৰ মাজত চলি থকা ভূমি সংক্ৰান্তীয় বিবাদৰ বাবেই হত্যাকাণ্ড সংঘটিত হোৱাতো নিশ্চিত৷

হত্যাকাণ্ড সংঘটিত হোৱাৰ পিচত পোহৰলৈ অহা তথ্য অনুসৰি এডোখৰ মাটি ক্ৰয়ৰ বিনিময়ত ডাঃ মকদম আলীয়ে ৰিণিমাক আদায় দিছিল বৃহৎ অংকৰ ধন ৷ কিন্তু ইয়াৰ পিচতো ৰিণিমাই নিজৰ নামত থকা মাটিখিনি ডাঃ মকদম আলীৰ নামত চমজাই দিয়া নাছিল ৷নামত পঞ্জীয়ন অথবা হস্তান্তৰ হোৱা নাছিল ৷ আনকি একেখিনি মাটি অইন গ্ৰাহকৰ ওচৰত বিক্ৰীৰ পৰিকল্পনা কৰিছিল ৰিণিমাই৷

বিবাদমান বিষয়টোলৈ ডাঃমকদম আলী আৰু ৰিণিমা বেগমৰ মাজত বৰপেটা আদালতত মোকৰ্দমাও চলি আছিল ৷ মাটি অথবা ৰিনিমাক আদায় দিয়া বৃহৎ পৰিমাণৰ ধনৰাশি একোৱেই ঘূৰাই নোপোৱাৰ বাবেই খুলশালিয়েক মহিবুল হকৰ হতুৱাই ডাঃমকদম আলীয়ে ৰিণিমা বেগমক হত্যাৰ পৰিকল্পনা কৰাৰ সন্দেহ আৰক্ষীৰ ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...