প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব নেকি ইমৰান খানে?

পাকিস্তানত যিকোনো মুহূৰ্তত পতন ঘটিব ইমৰান খানৰ চৰকাৰৰ। সংখ্যালঘুত পৰিণত হোৱা চৰকাৰখনৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া আস্থাভোটৰ প্ৰাকমুহূৰ্তত মিত্ৰদল MQMএ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ লগতে দলৰ দুয়োজন মন্ত্ৰীয়ে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে।

ইমৰান খান মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ দপ্তৰত আছিল দুয়োজন মন্ত্ৰী। বৃহস্পতিবাৰে পাকিস্তানৰ সদনত ইমৰান খানৰ চৰকাৰৰ ওপৰত উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ আলোচনা হ’ব। ৩এপ্ৰিলত অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৩৪২জনীয়া পাকিস্তানৰ সংসদত সংখ্যাগৰিষ্ঠতাৰ বাবে ১৭২খন আসন লাগে।

বৰ্তমান ইমৰান খানৰ চৰকাৰৰ সমৰ্থনত থকা সাংসদৰ সংখ্যা ১৬৪লৈ হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে PML আৰু PPP দলৰ নেতৃত্বত বিৰোধীৰ সংখ্যা ১৭৭লৈ বৃদ্ধি পাইছে। ইতিমধ্যেই ইমৰান খানৰ বিৰুদ্ধে পাকিস্তান সেনাবাহিনীৰ মুৰব্বী তথা কেইবাটাও ৰাজনৈতিক দলে অনাস্থা প্ৰকাশ কৰিছে।

দেশখন সন্মুখীন অভাৱনীয় বিত্তীয় সংকট, মুদ্ৰাস্ফীতি, ঋণৰ বোজাৰ ফলত উদ্ভৱ হোৱা অচলাৱস্থাৰ বাবে ইমৰান খানৰ চৰকাৰক জগৰীয়া কৰিছে। ইয়াৰ মাজতে দেশবাসীক সম্বোধন কৰিছে ইমৰান খানে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...