প্ৰায় ডেৰ দশকৰ অন্তত ঢাকাত সেনাৰ টেংকৰ তহলদাৰী

অধিক অশান্ত হৈ পৰিছে বাংলাদেশৰ আইন শৃংখলা পৰিস্থিতি। সংৰক্ষণবিৰোধী আন্দোলনত উত্তাল হৈ পৰিছে দেশখন। ক্ষুব্ধ ছাত্ৰৰ প্ৰতিবাদে ছানি পেলাইছে সমগ্ৰ দেশ। আন্দোলনকাৰী ছাত্ৰই চৰকাৰী কাৰ্যালয় আদিত আক্ৰমণ কৰি জ্বলাই দিয়াৰ ফলত দেশখনৰ আইন শৃংখলা পৰিস্থিতি অধিক শোচনীয় হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শ্বেখ হাছিনা চৰকাৰে সমগ্ৰ দেশজুৰি সান্ধ্য আইন জাৰি কৰিছে। ইতিমধ্যে ঢাকাৰ ৰাজপথত দেখা গৈছে টেংকসহ বাংলাদেশ সেনাৰ তহল।

বাংলাদেশৰ নাৰচিংদিত উন্মত্ত ছাত্ৰই জ্বলাই দিলে এটা কাৰাগাৰ। মুকলি কৰি দিলে কাৰাগাৰত আৱদ্ধ কেইবা শতাধিক কাৰাবন্দীক। শুকুৰবাৰে ৰাতি অভিযান চলাই আৰক্ষীয়ে আটক কৰিলে ছাত্ৰ নেতা নাহিদ ইছলামক। ‘বৈষম্যবিৰোধী ছাত্ৰ আন্দোলন’ৰ কেন্দ্ৰীয় সমন্বয়ক নাহিদ ইছলাম। প্ৰধান বিৰোধী দল BNPৰ কেইবাজনো নেতাক আটক-গৃহবন্দী। আন্দোলনকাৰীক আলোচনাত বহাৰ আহ্বান হাছিনা চৰকাৰৰ আইনমন্ত্ৰীৰ।

উল্লেখ্য যে চৰকাৰী চাকৰিত ১৯৭১ চনৰ বাংলাদেশৰ মুক্তিযুদ্ধত অংশ লোৱা পৰিয়ালৰ বাবে ৩০শতাংশ পদ সংৰক্ষণ কৰাৰ পিছতেই ছাত্ৰ সমাজে আন্দোলনৰ পথ গ্ৰহণ কৰে। প্ৰতিবাদকাৰী ছাত্ৰসকলৰ মতে আৱামী লীগৰ নেত্ৰী, প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সমৰ্থকসকলক সুবিধা কৰি দিয়াৰ অৰ্থেই চাকৰিত এই সংৰক্ষণ ব্যৱস্থা কৰি দিয়া হৈছে।

এতিয়া প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত সৰৱ ক্ষুব্ধ ছাত্ৰ সমাজ। শেহতীয়া হিংসাৰ বাবে প্ৰধানমন্ত্ৰী হাছিনাক জগৰীয়া কৰিলে ছাত্ৰ সমাজে। সকলো পক্ষক সংযম ৰক্ষা কৰিবলৈ আহ্বান UNOৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেজৰ। বাংলাদেশৰ সংঘৰ্ষত ছাত্ৰৰ মৃত্যুক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ। বাংলাদেশৰ হিংসাক গৰিহনা দিলে মাৰ্কিন যুক্তৰাষ্ট্ৰই। বাংলাদেশৰ ঘটনাক আভ্যন্তৰীণ সংঘাত বুলি অভিহিত কৰিলে ভাৰতে।

উল্লেখ্য যে ঢাকাৰ ৰাজপথত সেনাৰ শেহতীয়া তহলে ২০০৯ চনত বাংলাদেশ ৰাইফলছৰ বিদ্ৰোহৰ স্মৃতি সজীৱ কৰি তুলিছে। সেইবাৰ বিদ্ৰোহী জোৱানে হত্যা কৰিছিল ৭৪জন লোকক। সেনাৰ হস্তক্ষেপৰ পিছত অশান্তজৰ্জৰ বাংলাদেশৰ পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে।

যোৱা বৃহস্পতিবাৰৰ পৰা বাংলাদেশত বিচ্ছিন্ন ইণ্টাৰনেট সেৱা। পৰিস্থিতি চম্ভালিবলৈ স্পেইন-ব্ৰাজিল ভ্ৰমণ বাতিল প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ।

দেওবাৰে পুৱা ১০ বজালৈ বাংলাদেশত বাহাল থাকিব সান্ধ্য আইন। তাৰ পিছত পৰিস্থিতি অনুসৰি বাংলাদেশ চৰকাৰে ব্যৱস্থা ল’ব বুলি জানিব পৰা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...