হিমন্ত বিশ্ব শৰ্মাৰ ঝাৰখণ্ড ভ্ৰমণৰ খৰচ বহন কৰিব অসম চৰকাৰে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যে এতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এজন প্ৰভাৱশালী নেতা তাত কোনো সন্দেহ নাই। সেয়েহে বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ। আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সঘনাই ভ্ৰমণ কৰিছে ঝাৰখণ্ড। এতিয়াও হিমন্ত বিশ্ব শৰ্মা ঝাৰখণ্ডতেই আছে। তেওঁক ৰাজ্যখনৰ নিৰ্বাচনৰ বাবে দলৰ সহ-প্ৰভাৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে। সেয়ে বিভিন্ন সভাত অংশগ্ৰহণ কৰি কেতিয়াবা উদাত্ত কেতিয়াবা বিতৰ্কিত ভাষণ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই ভ্ৰমণৰ বাবে ঝাৰখণ্ড চৰকাৰে মোটা অংকৰ ধন ব্যয় কৰিবলগীয়া হৈছে। সেয়ে বিষয়টোত আপত্তি কৰি ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰবক্তা সুপ্ৰিয় ভট্টাচাৰ্যই কৈছিল যে আমাৰ খৰচত ঝাৰখণ্ডলৈ আহি হিমন্ত বিশ্ব শৰ্মাই আমাকে গালি-গালাজ কৰে। ইয়াকে লৈ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰটোকল ব্যয়ৰ কথা উল্লেখ কৰি ঝাৰখণ্ড মুক্তি মৰ্চাই কৰা প্ৰশ্ন আৰু আপত্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। মুখ্যমন্ত্ৰীয়ে ক’লে, দলৰ নতুন দায়িত্বৰ বাবে তেওঁ বাৰে বাৰে ঝাৰখণ্ড ভ্ৰমণ কৰিব লাগিব। সেয়ে তেওঁৰ নিৰাপত্তাৰ বাবে হ’বলগা সকলো খৰচ অসম চৰকাৰে বহন কৰিব।

ড০ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰাৰ পিছদিনাই অসমৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথে ঝাৰখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অজয় কুমাৰ সিঙলৈ এখন পত্ৰ লিখি সমগ্ৰ বিষয়টোৰ বিষয়ে অৱগত কৰিলে। এ ডি জি পি হীৰেন নাথে পত্ৰখনত লিখিছে, অসমৰ মুখ্যমন্ত্ৰীয়ে গৃহ মন্ত্ৰণালয়ৰ পৰা Z+ শ্ৰেণীৰ নিৰাপত্তা লাভ কৰিছে। তেওঁ দেশৰ য’লৈকে যায়, তেওঁক এই সুৰক্ষা প্ৰদান কৰিব লাগিব। যিহেতু দলে তেওঁক বিজেপিৰ নিৰ্বাচনৰ সহ-প্ৰভাৰী হিচাপে নিযুক্তি দিছে, সেয়ে তেওঁ ঝাৰখণ্ড ভ্ৰমণ অব্যাহত ৰাখিব। এনে পৰিস্থিতিত তেওঁৰ সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰাৰ প্ৰয়োজন আছে। অসমৰ এ ডি জি পিয়ে ঝাৰখণ্ডৰ ডি জি পিলৈ লিখা পত্ৰত উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাত যিমান পৰিমাণৰ ধন খৰচ হ’বলগা আছে, তাৰ সকলো বিল প্ৰেৰণ কৰিব লাগে। ইয়াৰ পৰিশোধ অসম চৰকাৰে কৰিব। এই পত্ৰখনৰ পাছতেই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যবাসীৰ মাজত। দলীয় দায়িত্ব পালন কৰিবলৈ, নিৰ্বাচনী প্ৰচাৰ চলাবলৈ হিমন্ত বিশ্ব শৰ্মা যাব ঝাৰখণ্ডলৈ। আৰু সেই খৰচ বহন কৰিব অসম চৰকাৰে। এতিয়া কথাটো হল মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ বাবে চৰকাৰে বহন কৰিবলগীয়া ধন আচলতে কাৰ। সেয়া ৰাজকোষৰ ধন। ৰাইজৰ ধন। ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছেও। সামাজিক মাধ্যমত অসম প্ৰদেশ কংগ্ৰেছে লিখিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাব। আৰু তাৰ খৰচ বহন কৰিব লাগিব ৰাজ্যৰ সাধাৰণ জনতাই। জনতাক লুটি নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ নিকৃষ্ট অভিসন্ধি এয়া। ঝাৰখণ্ডত নিৰ্বাচন। কিন্তু প্ৰচাৰৰ বাবে এতিয়া অসমৰ জনতাই গাঁঠিৰ ধন ভাঙিব লাগিব। প্ৰতিক্ৰিয়া আৰম্ভ হৈছে সৰ্বত্ৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...