বাঘজান অগ্নিকাণ্ডত পাৰিপাৰ্শ্বিক ক্ষতি হৈছিল ২৫,০০০ কোটি টকাৰ

বন বিভাগৰ বিস্ফোৰক প্ৰতিবেদন

  • বাঘজানৰ অগ্নিকাণ্ডত ডিব্ৰু-ছৈখোৱাৰ Landscapৰ ৫৫% ধ্বংস
  • ডিব্ৰু-ছৈখোৱাৰ ১২.৭ বৰ্গ কিঃমিঃ এলেকাৰ জৈৱ-বৈচিত্ৰ ধ্বংসপ্ৰাপ্ত
  • অগ্নিকাণ্ডত ১৬.৩২ বৰ্গ কিঃমিঃ জলাশয় সম্পূৰ্ণৰূপে বিনষ্ট
  • অগ্নিকাণ্ডত ধ্বংস হ’ল ২১৩ বৰ্গ কিঃমিঃ বনাঞ্চল
  • বাঘজানৰ পাৰিপাৰ্শ্বিক ক্ষতিৰ পৰিমাণ ২৫ হাজাৰ কোটি টকা
  • এই বিস্ফোৰক তথ্য প্ৰকাশ পাইছে বন বিভাগৰ তদন্তত

বাঘজান তৈলক্ষেত্ৰত ৫ মাহ জোৰা এক অগ্নিকাণ্ডক লৈ দেশ জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সেই অগ্নিকাণ্ডত ৩জন লোকৰ মৃত্যু হোৱাৰ লগতে ভালে সংখ্যক জীৱ-জন্তুৰ মৃত্যু হৈছিল। এই সন্দৰ্ভত অসমৰ বন বিভাগে চলোৱা এক তদন্তত ভয়াৱহ তথ্য প্ৰকাশ পাইছে যি অসমৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত এক পূৰাৱ নোৱাৰা ক্ষতিকে সোঁৱৰাইছে।তিনিচুকীয়া বাঘজানত যোৱা ৯ জুনত সংঘটিত ৫ মাহ জোৰা অগ্নিকাণ্ডত ডিব্ৰু-ছৈখোৱাৰ সমৃদ্ধ জৈৱ-বৈচিত্ৰৰ বিশাল ক্ষতি হৈছে। পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰত হোৱা ক্ষতিৰ পৰিমাণ প্ৰায় ২৫ হাজাৰ কোটি টকা বুলি নিৰ্ধাৰণ কৰিছে বন বিভাগৰ এজনীয়া তদন্ত আয়োগে। উল্লেখ্য যে অসম চৰকাৰৰ চিফ ৱাইল্ড ৱাৰ্ডেন মহেন্দ্ৰ কুমাৰ যাদৱক লৈ গঠিত এখন এজনীয়া তদন্ত আয়োগক বাঘজান অগ্নিকাণ্ডত হোৱা ক্ষয়-ক্ষতি নিৰ্ধাৰণৰ দায়িত্ব দিয়া হৈছিল। যাদৱে দিয়া প্ৰতিবেদনত সেই এলেকাত হোৱা ক্ষয়-ক্ষতিৰ এক বিস্ফোৰক তথ্য প্ৰকাশ পাইছে। যাদৱৰ প্ৰতিবেদনত উল্লেখ থকা মতে সেই এলেকাত হোৱা খেতি দেখাত স্বাভাৱিক যদিও সি ক্ষতিকাৰক। সেই খেতিৰ ফচল খাই কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে তদন্ত আয়োগে। কটন বিশ্ববিদ্যালয়, ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া, বোম্বে নেচাৰেল হিষ্ট’ৰি চ’ছাইটি, অসম কৃষি বিশ্ববিদ্যালয়, ৰহাৰ মীন মহাবিদ্যালয়ে চলোৱা অধ্যয়নৰ তথ্য সমূহো এই এজনীয়া আয়োগে প্ৰতিবেদনত উল্লেখ কৰিছে।

  • যাদৱে প্ৰতিবেদনত প্ৰকাশ কৰিছে আন এক বিস্ফোৰক তথ্য
  • ‘বাঘজান প্ৰকল্পৰ বাবে পৰিৱেশ মন্ত্ৰালয়ে দিয়া অনুমতি ত্ৰুটিপূৰ্ণ’
  • অনুমতি পত্ৰত বাঘজানৰ ১০ কিঃমিঃ ব্যাসাৰ্ধত কোনো অভয়াৰণ্য নাই বুলি উল্লেখ
  • প্ৰকৃতাৰ্থত ৫ কিঃমিঃ ব্যাসাৰ্ধত আছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
  • আছে ভেৰজান-বৰজান-পদুমণি অভয়াৰণ্যও
  • ‘অইল ইণ্ডিয়াই দাখিল কৰা EIA প্ৰতিবেদন ত্ৰুটিপূৰ্ণ’

ইতিমধ্যে দাখিল কৰা প্ৰতিবেদনখনত এইদৰে অসমৰ বন বিভাগৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষকজনে পাতে পাতে উল্লেখ কৰিছে বাঘজানৰ অগ্নিকাণ্ডই পৰিৱেশত কৰা ক্ষয়-ক্ষতিৰ বৰ্ণনা। এই প্ৰতিবেদনৰ পাছত চৰকাৰে অইল ইণ্ডিয়াৰ কি পদক্ষেপ লয় সেয়া লক্ষণীয় হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...