ৰায়মনাৰ পাছত দিহিং-পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা

ৰাজ্যত গঠন হ’ল আৰু এখন নতুন ৰাষ্ট্ৰীয় উদ্যান

  • ৰায়মনাৰ পাছত দিহিং-পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা
  • ২৩৪ বৰ্গকিলোমিটাৰ এলেকা জুৰি বিস্তৃত এই বনাঞ্চল
  • বৰ্ষাৰণ্যৰে সমৃদ্ধ এই ৰাষ্ট্ৰীয় উদ্যান জৈৱ-বৈচিত্ৰৰে চহকী
  • ৰাজ্যত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৭ খনলৈ বৃদ্ধি

যোৱা ৫ জুনৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৯ শতিকাতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষিত ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়াৰ কথা ঘোষণা কৰিছিল। ৪২২ বৰ্গকিলোমিটাৰ এলেকা জুৰি বিস্তৃত।

  • ৰায়মনাত আছে কেইবাবিধো দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰাণী
  • সোণালী বান্দৰ, গোধাফুটুকী বাঘ, গৌৰ আদিৰ আবাসভূমি ৰায়মনা
  • ৰায়মনাত অন্তৰ্ভক্ত হ’ব মানস বিশ্ব ঐতিহ্যক্ষেত্ৰত

ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যদা দিয়াৰ ৪দিন পিছতে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দিহিং-পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰে। এই ৰাষ্ট্ৰীয় উদ্যানত অন্তৰ্ভুক্ত হৈছে আপাৰ দিহিং আৰু জয়পুৰ সংৰক্ষিত বনাঞ্চলক লৈ গঠিত ১১১ বৰ্গকিলোমিটাৰ বিস্তৃত দিহিং-পাটকাই অভয়াৰণ্যখন। এই অভয়াৰণ্যৰ লগত ১২৩ বৰ্গকিলোমিটাৰ এলেকা সংলগ্ন কৰি ঘোষণা কৰা হৈছে এই ৰাষ্ট্ৰীয় উদ্যান।

  • ২২৬ বৰ্গকিলোমিটাৰ জুৰি বিস্তৃত হ’ব দিহিং-পাটকাই
  • ইয়াত আছে ১০৭বিধ প্ৰজাতিৰ পক্ষী, ৩৮০ বিধ উদ্ভিদ
  • ৪৭বিধ প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণীও উপলব্ধ ৰাষ্ট্ৰীয় উদ্যানখনত

২০০৪চনত এই বনাঞ্চল অভয়াৰণ্য ঘোষিত হোৱাৰ আঁৰত আছে প্ৰকৃতি সংগঠন নেচাৰ্ছ বেক’নৰ আন্দোলন। সংগঠনটোৰ একদশক জোৰা আন্দোলনৰ পৰিণতিত ৰাজ্য চৰকাৰে দিহিং পাটকাইক অভয়াৰণ্য ঘোষণা কৰিছিল।

  • দেশত ৰাষ্ট্ৰীয় উদ্যানৰ লেখেৰে অসম ৩য় স্থানত
  • মধ্যপ্ৰদেশত ১০খন, আন্দামান-নিকোবৰত ৯খন
  • অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৭খনলৈ বৃদ্ধি

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ঘোষিত হোৱাৰ ফলত ৰাজ্যৰ এক সমৃদ্ধ বনাঞ্চলৰ সংৰক্ষণৰ মৰ্যদা বৃদ্ধি পোৱাটো আশাব্যঞ্জক হিচাৰে চিহ্নিত হৈছে।

নিউজ ডেস্কৰ সহযোগত প্ৰাঞ্জল প্ৰতিম ভূঞা, তিনিচুকীয়া

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...

ডিব্ৰুগড়ৰ খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত কিশোৰ

ডিব্ৰুগড় জিলাৰ খোৱাঙত পুনৰ নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত এজন...