বেডমিণ্টন টুৰ্ণামেণ্ট, অসমৰ দলৰ হাতত শোচনীয় পৰাজয় মেঘালয়ৰ দলৰ

অসমৰ দলৰ হাতত মুখথেকেচা খালে মেঘালয়ৰ দলে। মানকাচৰৰ খাৰুৱাবান্ধা নৱজ্যোতি অৰুণোদয় ক্লাৱৰ সৌজন্যত বেডমিণ্টন টুৰ্ণামেণ্ট। চূড়ান্ত খেলত অসমৰ খাৰুৱাবান্ধাৰ হাতত পৰাস্ত মেঘালয়ৰ শিঙিমাৰী দল। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ খাৰুৱাবান্ধাত বিগত প্ৰায় এসপ্তাহ ধৰি অনুষ্ঠিত হোৱা বেডমিণ্টন টুৰ্ণামেণ্টৰ সামৰণি পৰে। চূড়ান্ত খেলত মেঘালয়ৰ শিঙিমাৰীৰ ৰাহুল সিং ভাণ্ডাৰীৰ দল আৰু অসমৰ খাৰুৱাবান্ধাৰ খাইৰুজ্জামান ৰাকেশৰ দলৰ মাজত অনুষ্ঠিত হয়। চূড়ান্ত খেলত খাইৰুজ্জামান ৰাকেশ মেঘালয়ৰ ৰাহুল সিং ভাণ্ডাৰীক ২-০ গেমত পৰাস্ত কৰে। প্ৰথমটো গেমত ৰাকেশ ২১-১৫ পইণ্টত পৰাস্ত কৰাৰ লগতে দ্বিতীয়টো গেমত ২১-১১ পইণ্টত পৰাস্ত কৰে। চূড়ান্ত বিজয়ী দলৰ খেলুৱৈ দুজনক দুটা ট্ৰফী আৰু নগদ ১০ হাজাৰ টকাৰ বঁটা প্ৰদান কৰা হয়। একেদৰে ৰানাৰ্চ আপ দলৰ দুই খেলুৱৈক ট্ৰফী আৰু নগদ ৫ হাজাৰ টকাৰে পুৰস্কৃত কৰা হয়। চূড়ান্ত খেলখনত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে জিলা ক্ৰীড়া সন্থাৰ সভাপতি আবু হানিফ আৰু সাধাৰণ সম্পাদক শুকুৰ আলী উপস্থিত থাকি চূড়ান্ত বিজয়ী দলক জিলাৰ শ্ৰেষ্ঠ খেলুৱৈ বুলি ঘোষণা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...