২০২৩ৰ এদিনীয়া বিশ্বকাপৰ প্ৰতিশোধ ল’লে আফগানিস্তানে

২০২৩ৰ এদিনীয়া বিশ্বকাপৰ প্ৰতিশোধ ল’লে আফগানিস্তানে
SUPER 8ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ‘ছুপাৰ’ প্ৰদৰ্শন আফগান বাহিনীৰ
প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আফগানিস্তানৰ হাতত পৰাজয়বৰণ অষ্ট্ৰেলিয়াৰ

তাৰিখ আছিল ৭ নবেম্বৰ ২০২৩। স্থান মুম্বাইৰ ঐতিহাসিক Wankhede ষ্টেডিয়াম। এদিনীয়া বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ মেচত প্ৰথমে বেট ধৰি অষ্ট্ৰেলিয়াক ২৯২ ৰানৰ লক্ষ্য দিছিল আফগানিস্তানে। লক্ষ্য অনুসৰণ কৰি ৫০ ৰানৰ ভিতৰত ৪ উইকেট হেৰুওৱাৰ পিছত যেন বিপদত পৰিছিল অষ্ট্ৰেলিয়া। কিন্তু গ্লেন মেক্সৱেলৰ দুৰ্দান্ত ২০১ ৰানৰ অপৰাজিত ইনিংছৰ বলত আফগানিস্তানৰ জয়ৰ সপোন সপোনে হৈ ৰয়। আজি ঠিক প্ৰায় ৭ মাহ পিছত T-20 বিশ্বকাপৰ SUPER 8ৰ এখন মৰণপণ যুঁজত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মুখামুখি হৈ আফগানিস্তান। কিন্তু এইবাৰ যেন একেই ভুলৰ পুনৰাবৃত্তি নকৰিলে আফগানিস্তানে। এখন মন্থৰ পিটছত ১৪৯ ৰানৰ লক্ষ্য বান্ধি দিছিল আফগানিস্তানে। এইবাৰো যেন জয় আৰু পৰাজয়ৰ মাজত আছিল অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেল। অৱশ্যে, গুলবাদিন নাইবৰ দুৰ্দান্ত বলিঙৰ ফলত শেষ হাঁহি মাৰিবলৈ সক্ষম হৈ ৰাচিদ খানৰ দলে।

মেচখনত ৰোমাঞ্চকৰ সময়ত মেক্সৱেলৰ উইকেট দখল কৰে নাইবে
৪১টা বলত ৫৯ ৰান কৰি পেভিলিয়নমুখি হয় মেক্সৱেল
গুলবাদিন নাইবে নিজৰ ৪ অভাৰত ২০ ৰান খৰচ কৰি দখল কৰে ৪টাকৈ উইকেট
২১ ৰানত মেচখনত জয়লাভ কৰে আফগানিস্তানে
এই জয়ৰ পিছত ছেমিফাইনেলত যোগ্যতা অৰ্জনৰ আশা এতিয়াও সজীৱ হৈ আছে আফগানিস্তানৰ

অনাগত মেচত যদি ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰিব পাৰে। আৰু ইপিনে, যদি আফগানিস্তানে বাংলাদেশক পৰাস্ত কৰিবলৈ সক্ষম হয়, তেন্তে T-20 বিশ্বকাপৰ ছেমিফাইনেলৰ টিকট লাভ কৰিবলৈ সক্ষম হ’ব ভাৰত আৰু আফগানিস্তানে। অৱশ্যে, এতিয়াও বিশ্বকাপৰ পৰা বাহিৰ হোৱা নাই অষ্ট্ৰেলিয়া। ভাৰতৰ বিৰুদ্ধে অন্তিমখন মেচত ভাল নেট ৰান ৰেটত জয়লাভ কৰিলে ছেমিফাইনেলত স্থান নিশ্চিত হ’ব অষ্ট্ৰেলিয়াৰ। ইফালে, শনিবাৰে বাংলাদেশৰ বিৰুদ্ধে ৫০ ৰানত জয়লাভ কৰি ছেমিফাইনেলৰ দিশে আৰু এখোজ আগবাঢ়িছে টীম ইণ্ডিয়া। ভাৰতৰ হৈ মেচখনত অল-ৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই বেট আৰু বলেৰে দাঙি ধৰে উচ্চ প্ৰদৰ্শন।

কাইলৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিমখন SUPER 8ৰ মেচ খেলিব ভাৰতে। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৮ বজাত অনুষ্ঠিত হ’ব খেল। আনহাতে, মংগলবাৰে পুৱা বাংলাদেশৰ বিৰুদ্ধে ২২ গজৰ যুঁজত নামিব আফগানিস্তান। ভাৰতীয় সময় অনুসৰি পুৱা ৬ বজাত অনুষ্ঠিত হ’ব খেল। মুঠৰ ওপৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আফগানিস্তানৰ জয়লাভৰ পিছত অধিক আকৰ্ষনীয় হৈ পৰিছে T-20 বিশ্বকাপৰ SUPER 8

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...