ৰাজ্যৰ একাংশ বাট-পথৰ দুৰৱস্থা

পুৰণি চৰকাৰ গ’ল, আহিল নতুন চৰকাৰ। কিন্তু ৰাজ্যৰ একাংশ বাট-পথৰ একেই থাকিল অৱস্থা। ৰাজ্যত বানৰ সমান্তৰালকৈ জৰাজীৰ্ণ বাট-পথে জ্বলাকলা খুৱাইছে ৰাইজক। বছৰ বছৰ ধৰি মেৰামতি নোহোৱাকৈ থাকিল ৰাজ্যৰ বিভিন্ন পথ। শোচনীয় বাট-পথৰ বাবে সংঘটিত হৈছে বহু হৃদয় বিদাৰক ঘটনা। কামৰূপৰ ছমৰীয়াৰ টুপামাৰীত সংঘটিত হৈছে তেনে এক কৰুণ ঘটনা। বাট–পথৰ দুৰৱস্থাৰ বাবে মৃতদেহ কঢ়িয়াবলগা হৈছে ঠেলাত। আত্মহত্যা কৰা এগৰাকী যুৱতীৰ মৃতদেহ ঠেলাত নিলে থানালৈ। বিধ্বস্ত পথেৰে নাযায় গাড়ী মটৰ। নচলে এম্বুলেঞ্চো। যাৰবাবে উপায়ন্তৰ হৈ ঠেলাৰেই নিব লগা হৈছে মৃতদেহটো। মৰণোত্তৰ পৰীক্ষাৰ বাবে গাঁৱৰ পৰা নিয়া হয় মৃতদেহটো। মৃতদেহ ঠেলাত নিয়া দৃশ্যই উদঙাইছে বাট-পথৰ দুৰৱস্থাৰ স্বৰূপ।

বকো-ছয়গাঁও সমষ্টিৰ অন্তৰ্গত ২নং মাকেলি গাঁৱৰ পৰা আলোকজাৰিলৈ যোৱা পথছোৱাৰ বিধ্বস্ত অৱস্থা। এজাক বৰষুণ আহিলে পথটোৰে বিদ্যালয়লৈ যাব নোৱাৰে ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজ। সেয়েহে ক্ষোভিত হৈ স্থানীয় মহিলাসকলে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিলে প্ৰতিবাদ। ৰাজপথত ভূঁই ৰুই প্ৰতিবাদ কৰি পথ নিৰ্মাণৰ দাবী মহিলাসকলৰ।

হাইলাকান্দিৰ বিলাইপুৰৰ লগতে কাছাৰৰ ধলাই সমষ্টি সংযোগী গড়কাপ্তানি পথৰো একেই অৱস্থা। পথত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। বিশেষকৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰী। স্থানীয় ৰাইজে দীৰ্ঘদিনৰ পৰা বিভাগীয় কতৃপক্ষক অৱগত কৰি আহিছে যদিও আজিলৈ হোৱা নাই সমস্যাৰ সমাধান।

ইপিনে এটা পথৰ বাবে যমৰ যন্ত্ৰনা ভুগিছে কলিয়াবৰৰ তেতুলগুৰিবাসীয়ে। পথৰ ওপৰত একাঠু পৰ্যন্ত পানী হোৱাৰ বাবেই যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে প্ৰায় পঞ্চাছটাকৈ পৰিয়াল। চিকনি-বৰহোলা গাঁও পঞ্চায়তে পথচোৱা নিৰ্মাণৰ নামত চূড়ান্ত হেমাহিৰ অভিযোগ ৰাইজৰ। স্থানীয় বিধায়কক পথচোৱা মেৰামেতি কৰিবলৈ দাবী তুলিছে গাঁওবাসীয়ে।

বাক্সাৰ গোৱৰ্দ্ধনাৰ পৰা আনন্দবজাৰ হৈ সাউধৰভিঠা সংযোগী পথৰ দুৰাৱস্থা। পথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ৷ সোমাই গৈছে চাৰিচকীয়া বাহন৷ সঘনাই সংঘটিত হয় সৰু-বৰ দুৰ্ঘটনা। মেৰামতিৰ বাবে গুৰুত্ব নাই কোনো সংশ্লিষ্ট বিভাগৰ। শীঘ্ৰেই ভয়াৱহ আন্দোলনৰ হুংকাৰ দিলে বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে।

সমান্তৰালকৈ ভঙা বাঁহৰ সাঁকোৰে বিপদ সংকুল যাত্ৰা কৰিব লগীয়া হৈছে একাংশ ৰাইজে। পৰ্বতঝোৰাত ভঙা বাঁহৰ সাঁকোৰে নিতৌ বিপদ সংকুল যাত্ৰা গঞা ৰাইজৰ। প্ৰলয়ংকাৰী বানত জালাবিলা পৰা ঘুগুঝোৰা গাঁওলৈ যোৱা টিপকাই নদীৰ ওপৰত থকা বাহৰ সাঁকোখন ভাঙি যোৱাত বিপদসংকুলভাৱে মৰণক শৰণ দি যাতায়াত কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে গঞা ৰাইজে। যিকোনো মুহূৰ্তত ঘটিব পাৰে ডাঙৰ দুৰ্ঘটনা।

সোণতলীত ভঙা দলঙেৰে বিপদসংকুল যাতায়াত৷ দক্ষিণ কামৰূপৰ মাহতলী গাঁও পঞ্চায়তৰ এই দৃশ্য৷ বেজৰসুতি কাছাৰিপাম সংযোগী দলংখনেদি দৈনিক হাজাৰ হাজাৰ লোকৰ হয় যাতায়ত। ভঙা দলংখনত যিকোনো মুহূৰ্তত হব পাৰে ভয়ংকৰ অঘটন৷ কিন্তু তাৰ পিচতো কানসাৰ নাই বিধায়িকা নন্দিতা দসৰ৷ কানসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ৷ যমৰ যাতনা ভুগিছে হাজাৰ হাজাৰ ৰাইজে৷ দলংখন মেৰামতিৰ বাবে বাৰম্বাৰ আবেদন নিবেদন কৰিও ফলাফল শূন্য হৈয়ে আছে৷ উপায়হীন ৰাইজৰ সংবাদ মাধ্যমৰ যোগেদি কাতৰ আহ্বান৷ অতিশীঘ্ৰে যাতায়ত সূচল কৰি দিয়াকৈ দলংখন মেৰামতিৰ আহ্বান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ; মহিলা ক্ৰিকেটৰ জৰিয়তে স্বৰ্ণ জয় ভাৰতৰ

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদকৰ সন্ধান অৱশেষত সফল...

অসম- নাগালেণ্ডৰ মাজত পুনৰ সংঘাত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...

পুনৰ উতপ্ত অসম-নাগালেণ্ড সীমান্ত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...

অসমলৈ আহিব ক’কৰোছ জনতা পাৰ্টি (CJP)ৰ কেন্দ্ৰীয় নেতৃত্ব; অসমত অনুষ্ঠিত হ’ব দলটোৰ প্ৰথমখন স্বেচ্ছাসেৱক মীট

অসমত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে অসমলৈ আহিব ক’কৰোছ...