নিশা হ’লেই ৰাষ্ট্ৰীয় ঘাইপথত ঘূৰি ফুৰে ডকাইত

নিশা হ’লেই ৰাষ্ট্ৰীয় ঘাইপথত ঘূৰি ফুৰে ডকাইত। কলিয়াবৰত সংঘটিত হ’ল এটা চাঞ্চল্যকৰ ঘটনা। তামোলভৰ্তি এখন বলেৰো পিক আপ ভান হাইজেক কৰিলে ডকাইতৰ এটা দলে। হাত ভৰি বান্ধি গাঁতত পেলাই দিলে গাড়ীৰ চালক আৰু মালিকক। কলিয়াবৰৰ কুঠৰীৰ পৰাও চোৰে নিলে বলেৰো পিক আপ। চুৰি হোৱা গাড়ীৰ সন্ধান দিওঁতালৈ ৫০ হাজাৰ টকাৰ পুৰষ্কাৰ ঘোষণা গৰাকীৰ।

নিশা হ’লেই নিৰাপত্তাহীন ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ
চিনেমাৰ কায়দাৰে হাইজেক তামোলভৰ্তি বাহন
সাৱধান!
ঘাইপথৰ ঠায়ে ঠায়ে খাপ পিটি আছে ডকাইত

নুলমীগড়ৰ এই ঘৰখনৰ পৰা বলেৰো পিক আপ ভানখন লৈ ওলাই গৈছিল দুজন লোক। AS-05C-4293 নম্বৰৰ গাড়ীখনৰ মালিক প্ৰশান্ত বৰুৱা আৰু চালক ৰূপম দত্ত। লক্ষ্যস্থান আছিল নগাঁৱৰ আমনি। তামোল লৈ ৰাওনা হৈছিল গাড়ীখন। কলিয়াবৰ পাওঁতেই বলেৰো পিক আপখনৰ পিছা ললে আন তিনিখন গাড়ীয়ে। অগা-পিছা কৰি এটা সময়ত আগভেটা দিলে বাহনখনক। কেইজনমান লোকে নামি আহি ধমক দি পিক আপ বাহনক পৰা নমাই নিলে লোক দুজনক।

হাত-ভৰি বান্ধিলে দুয়োজনৰ
কাপোৰেৰে বান্ধিলে চকুত

তাৰ পাছত দুয়োজনক আন এখন বাহনত তুলি ১৫-২০ কিলোমিটাৰ লৈ গৈ পেলাই দিলে এটা গাঁতত।

কথমপি প্ৰাণৰক্ষা কৰি ওলাই আহিল লোক দুজন। দুৰ্বৃত্তৰ দলটোৱে তামোলভৰ্তি বাহনখন লৈ গুছি গ’ল। ঘটনাৰ পাছতেই আৰক্ষীৰ কাষ চাপিল ভুক্তভোগী দুই লোক। আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। এই খবৰ পোৱাৰ পাছতেই নুমলীগড়ত চাঞ্চল্য। ইপিনে কলিয়াবৰৰ কুঠৰীৰ পৰা চুৰি হ’ল AS-02BC-4820 নম্বৰৰ টাটা মবাইল গাড়ীখন। বাগৰি আৰক্ষী চকীত এজাহাৰ দিছে গৰাকীয়ে। বিচাৰ-খোচাৰ কৰিও উলিয়াব পৰা নাই গাড়ীখন। সেয়ে গৰাকীয়ে ঘোষণা কৰিছে পুৰষ্কাৰ।

গাড়ীখনৰ সন্ধান দিওঁতাই পাব ৫০ হাজাৰ টকা
6001070551 নম্বৰত যোগাযোগৰ আহ্বান

ৰাজ্যত সঘনে সংঘটিত হবলৈ ধৰিছে গাড়ী চুৰিৰ ঘটনা। ডকাইতৰ টাৰ্গেট মালবাহী বাহন। আৰক্ষীয়ে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙ

চীনা ৰাষ্ট্ৰপতি সকলো জল্পনা-কল্পনাৰ অন্তঃ BRICS সন্মিলনত অংশ ল’বলৈ...

৮০ৰ দশকৰ AI ফটো ট্ৰেণ্ড: এখন ফটোৰ আঁৰত খৰচ কিমান?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ নষ্টালজিয়া। AI-এ বৰ্তমানৰ ফটোলৈ আনিছে...

প্ৰথমতে ছাগলী চুৰি, তাৰ পাছত প্ৰেমিকাক পলুৱাই নিয়াৰ পৰিকল্পনা!

প্ৰেমে মানুহক কি কি নকৰাই? এইবাৰৰ ঘটনা নগাঁও জিলাৰ...