বন্দী মানসৰ পিতৃলৈ পৰেশ বৰুৱাৰ ফোন

আলফা স্বাধীনৰ শিবিৰত বন্দী সৰুপথাৰৰ মান বৰগোঁহাই। চোৰাংচোৱাগিৰিৰ অভিযোগত, অসম আৰক্ষীৰ সদস্য হোৱাৰ সন্দেহত বন্দী কৰি ৰখা হৈছে মানসক। ভয়-শংকাৰ মাজতে মানসৰ পিতৃলৈ পৰেশ বৰুৱাৰ ফোন। মানসৰ একো ক্ষতি নকৰাৰ আশ্বাস। ইপিনে ঘটনাৰে নাম সাঙোৰ খোৱা মানস চলিহায়ো সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ। প্ৰতিক্ৰিয়া আলফা স্বাধীনৰো।

বন্দী মানসৰ পিতৃলৈ পৰেশ বৰুৱাৰ ফোন
মানসৰ একো নহয়

আলফা স্বাধীন, মানস বৰগোঁহাই, চোৰাংচোৱা, বন্দীত্ব। এই বিষয়টোৱে জোকাৰিছে ৰাজ্য। চোৰাংচোৱাৰ সন্দেহত মানসক চূড়ান্ত শাস্তি দিব নেকি আলফা স্বাধীনে। সেই শংকাৰ মাজতেই অভয়বাণী প্ৰেৰণ কৰি আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ফোন মানস বৰগোঁহাইৰ পিতৃলৈ। ভয় কৰিব নালাগে। মানসৰ একো নহয়। এই ঘটনাত নাম সাঙোৰ খোৱা মানস চলিহা প্ৰসংগতো পোহৰলৈ আহিছে ইটোৰ পাছত সিটো তথ্য। আলফা স্বাধীনৰ দাবী চলিহাৰ দ্বাৰা প্ৰশিক্ষণ লৈয়ে জংঘল অভিমুখী হৈছিল মানস বৰগোঁহাই। আহিছে সকীয়নিও। তাৰ মাজতেই ফেচবুকত লাইভ মানস চলিহাৰ।

আলফা(স্বা)ৰ সেনাধ্যক্ষলৈ বুঢ়া আঙুলি
মই আপোনালৈ অলপো ভয় নকৰোঁ
পৰেশ বৰুৱাক সকীয়নি দিয়া মানসৰ এতিয়া কি হ’ব?

কাহিনী আৰম্ভ হৈছিল এটা ঘটনাৰে। এতিয়া সেই ঘটনাই লৈছে অন্য এটা ৰূপ। চোৰাংচোৱাৰ সন্দেহত আলফা স্বাধীনৰ শিবিৰত আবদ্ধ এইজন সৰুপথাৰৰ মানস বৰগোঁহাই। এই মানস বৰগোঁহায়ে লৈছিল এইজন মানস চলিহাৰ নাম। চলিহাই প্ৰশিক্ষণ দি মানস বৰগোঁহাইক গুপ্তচৰ হিচাপে আলফা স্বাধীনলৈ প্ৰেৰণ কৰাৰ তথ্য। সেই কথা কৈছিল আলফা স্বাধীনেও। তাৰ পাছতেই মানস চলিহা সন্দৰ্ভত পোহৰলৈ আহিছে অনেক তথ্য।

মানস চলিহাই পাইছে প্ৰৱঞ্চক নাম
ছচিয়েল মিডিয়াতো মানসৰ বহুৰূপ ফাদিল হৈছে

বেপাৰ কৰাৰ নামতো বিভিন্নজনৰ পৰা প্ৰৱঞ্চনাৰে লাখ লাখ টকা সৰকোৱাৰ অভিযোগ মানস চলিহাৰ বিৰুদ্ধে। আলফা স্বাধীনৰ বিবৃতিতো চলিহাৰ নাম। তাৰ পাছতেই ফেচবুক লাইভ মানসৰ।

চলিহাৰ দাবী…
মই কোনো মানস বৰগোঁহাইক চিনি নাপাওঁ
মই আৰক্ষী বা এজেন্টো নহয়
মই পৰেশ বৰুৱালৈ ভয় নকৰোঁ

মানস আৰু পৰিয়ালক আলফা স্বাধীনে মানসিক হাৰাশাস্তি কৰা বুলি অভিযোগ তুলি অভিযোগ মানস চলিহাৰ।
মোক মাৰিবলৈ পৰিকল্পনা কৰিছে পৰেশ বৰুৱাই
মোৰ পৰিয়ালৰ কাৰোবাৰ যদি কিবা ক্ষয়-ক্ষতি হয় তাৰ বাবে জগৰীয়া হব পৰেশ বৰুৱা

ইয়াৰো প্ৰতিক্ৰিয়া বিবৃতিযোগে প্ৰকাশ কৰিলে আলফা স্বাধীনে। মানসৰ চলিহাই কৰা অভিযোগ-অপমানৰ বিচাৰ বিবেচনা কৰা হব। অসম চৰকাৰ লিখা নম্বৰপ্লেট লগোৱা গাড়ী কেনেকৈ ব্যৱহাৰ কৰিছিল মানস চলিহাই প্ৰশ্ন আলফা স্বাধীনৰ। মাৰণাস্ত্ৰ দেখাৰ পাছতো কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাছিল মানসক, প্ৰশ্ন আলফা স্বাধীনৰ। চোৰাংচোৱাগিৰি কৰোৱাৰ ক্ষেত্ৰত মানসৰ সমানেই অসম আৰক্ষীও জড়িত থকাৰ অভিযোগ। এই ঘটনাই পাছলৈ কি ৰূপ লব। তাৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাজ্যবাসীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...