ওদালগুৰিত ঘৰভৰি ফুলি থকা নিয়ৰমালতী ফুল চাবলৈ ৰাইজৰ ভিৰ

ওদালগুৰি জিলাৰ এখন ঘৰ আহিছে বিশেষভাৱে চৰ্চালৈ। ওদালগুৰিৰ ৪ নং ৰজাগড়ৰ এখন বিশেষ ঘৰ। ঘৰৰ গৰাকী এইজন হৰেশ্বৰ ডেকা। দিন হাজিৰা কৰা এই মানুহজনৰ ঘৰলৈ নিতৌ আহে বহু মানুহ। কিন্তু কি কামত মানুহজনৰ ঘৰত ভিৰ কৰে মানুহে?

সৰুকৈ পদূলিৰে এটি বিশেষ ঘৰ
ঘৰলৈ সোমাই যোৱাৰ বাটত একাষে ধানখেৰৰ মেজি এটি
আনফালে গুলঞ্চ, কাঞ্চন, নাহৰকে ধৰি ফুলৰ গছ
শাৰী শাৰীকৈ তামোল গছ, কলগছো আছে ভৰি
মূল চৰিত্ৰ গুলঞ্চ, কাঞ্চন, নাহৰ নহয়
নহয় তামোল গছ, কলগছো
কাহিনীৰ মূললৈ যাবলৈ হ’লে আমি যাব লাগিব কিছু ভিতৰলৈ

এইখন ওদালগুৰিৰ ৪ নং ৰজাগড়ৰ এখন বিশেষ ঘৰ। ঘৰৰ গৰাকী এইজন হৰেশ্বৰ ডেকা। দিন হাজিৰা কৰা এই মানুহজনৰ ঘৰলৈ নিতৌ আহে বহু মানুহ।

হয়, আপুনি ভবাৰ দৰেই কথাটো। ঘৰভৰি ফুলি থকা এই নিয়ৰমালতী ফুল চাবলৈকে প্ৰতিদিনেই আহে ৰাইজ। লিৰিকি বিদাৰি চায়। প্ৰাণভৰি চায়

কেউপিনে কেৱল প্ৰকৃতিৰ অনুপম সৃষ্টি মালা। ঘৰৰ চাল, চোতাল সকলো সামৰি কেৱল ফুলৰ বাহাৰ। ৮ বছৰৰ আগেয়েই লগাইছিল এই ফুল। অতি আকুলতাৰে সজোৱা এই ফুলে সকলোকে মাতি হাত বাউলী।

ধনৰে নহ’লেও মনৰে চহকী হৰেশ্বৰ ডেকাৰ ঘৰত ফুলি আছে নানা ফুল। ফুলক কেন্দ্ৰ কৰিয়েই ঘৰলৈ মানুহ আগমনক লৈ ডেকা অতি সুখী।

এখন বাগিচা কৰ বুলি কোনো কোনোৱে আবদাৰ কৰে। হৰেশ্বৰৰ আক্ষেপ, নাৰ্চাৰী এখন কৰোঁ বুলিয়েই কিদৰে কৰে?

কেনেকৈ প্ৰতিপাল কৰে এই নিয়ৰ মালতী? কেনেকৈ সাজিছে এই ধুনীয়া ফুলনি? ক’লে হৰেশ্বৰ ডেকাই।

মনেৰে চহকী হৰেশ্বৰ ডেকাৰো পিছে আছে অভাৱ অভিযোগ। অকপটে ক’লে মনৰ কথা।

প্ৰকৃতিৰ অনুপম সৃষ্টিৰে আৱৰা এই ঘৰখন কেৱল ৰজাগড়ৰে নহয়। বহু আলহীৰ বাবে আকৰ্ষণ। নিয়ৰ মালতীয়ে ন চিনাকি দিলে হৰেশ্বৰক। যেন নতুন এক লেণ্ডমাৰ্ক ৰজাগড়ৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ। অভিযুক্ত জোঁৱাই...

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয় দিৱস

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয়...

পখিলাৰ প্ৰেমত এজন আৰক্ষীৰ জোৱান ‌‌

আপোনাৰ বাৰু প্ৰকৃতিৰ প্ৰতি কিমান প্ৰেম আছে? কোৱা হয়,...

নাই বুলিয়েই নোহোৱা হৈ গ’ল ৰমেন দা

২২ জুলাইৰ পৰা ১টা ২টা কৈ ১০০টা ঘণ্টা পাৰ...